নিজৰ আৰু সমাজৰ বাবে যোগাসন শীৰ্ষক মূলমন্ত্ৰৰে আজি পুৱা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ আয়োজনত মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় দশম আন্তৰ্জাতিক যোগ দিৱস । এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কয় : যোগাভ্যাসে শৰীৰ আৰু মন সমানে সুস্থ কৰি ৰাখে । তাহানি ভাৰতবৰ্ষৰ ঋষি-মুনি সকলে যোগৰ জৰিয়তে বহু দুঃসাধ্য কাম সহজ আৰু সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একক প্ৰয়াসৰ বাবেই ৰাষ্ট্ৰসংঘই ২১ জুনৰ দিনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰে । ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ । ইপিনে, আন্তৰ্জাতিক যোগ দিৱসৰ সৈতে সংগতি ৰাখি ইতিপূৰ্বে অনুষ্ঠিত কৰা যোগাভ্যাস সম্পৰ্কীয় বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক আজিৰ অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয় । বিত্ত , মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে সন্মানীয় অতিথি হিচাপে উপস্হিত থকা আজিৰ এই যোগ দিৱসৰ কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙ , ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মিছন সঞ্চালক এম এছ লক্ষ্মীপ্ৰিয়া, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱান, অতিৰিক্ত আয়ুক্ত ত্ৰিদিব কোঁৱৰ প্ৰমুখ্যে মহানগৰীৰ একাধিক শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী তথা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ