নিজৰ আৰু সমাজৰ বাবে যোগাসন শীৰ্ষক মূলমন্ত্ৰৰে আজি পুৱা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ আয়োজনত মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় দশম আন্তৰ্জাতিক যোগ দিৱস । এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কয় : যোগাভ্যাসে শৰীৰ আৰু মন সমানে সুস্থ কৰি ৰাখে । তাহানি ভাৰতবৰ্ষৰ ঋষি-মুনি সকলে যোগৰ জৰিয়তে বহু দুঃসাধ্য কাম সহজ আৰু সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একক প্ৰয়াসৰ বাবেই ৰাষ্ট্ৰসংঘই ২১ জুনৰ দিনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰে । ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ । ইপিনে, আন্তৰ্জাতিক যোগ দিৱসৰ সৈতে সংগতি ৰাখি ইতিপূৰ্বে অনুষ্ঠিত কৰা যোগাভ্যাস সম্পৰ্কীয় বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক আজিৰ অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয় । বিত্ত , মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে সন্মানীয় অতিথি হিচাপে উপস্হিত থকা আজিৰ এই যোগ দিৱসৰ কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙ , ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মিছন সঞ্চালক এম এছ লক্ষ্মীপ্ৰিয়া, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱান, অতিৰিক্ত আয়ুক্ত ত্ৰিদিব কোঁৱৰ প্ৰমুখ্যে মহানগৰীৰ একাধিক শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী তথা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য