অসম চৰকাৰে যোৱা ১৮ ছেপ্তেম্বৰৰ পৰা বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্হ্য শিবিৰৰ আয়োজন কৰিছে । ইয়াৰ অংশ হিচাপে “শুশ্ৰুষা সেতু”ৰ অধীনত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সহযোগত আজি নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ বৃহৎ স্বাস্হ্য শিবিৰ চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হয় । এই বৃহৎ স্বাস্হ্য শিবিৰৰ শুভাৰম্ভ কৰি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে কয় যে ১৮ বছৰৰ তলৰ শিশু-চেমনীয়া,যুৱক-যুৱতীক সামৰি স্বাস্থ্য পৰীক্ষাৰ অৰ্থে প্ৰতিটো সমষ্টিত অনুষ্ঠিত এনে ধৰণৰ স্বাস্হ্য শিবিৰে সকলোকে উপকাৰ কৰিব।পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ যথেষ্ট শলাগ লয় । এই শিবিৰত শিশু ৰোগ ,দন্ত ৰোগ,কাণ-নাক আৰু ডিঙি,চকু,স্নায়ুৰোগ ,হৃদৰোগ,চৰ্ম ৰোগ,শিশুৰ বিকাশজনিত বিলম্ব আদি কৰি ৫০ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰা হয় ।উল্লেখযোগ্য যে এই শিবিৰত পঞ্জীয়ণ কেন্দ্ৰৰ উপৰি ১৬ টা বহি:বিভাগৰ কক্ষ আছে।বিশেষভাৱে সক্ষম শিশুৰ পৰীক্ষণ কক্ষ, মুখ কৰ্কট আৰু স্তন কৰ্কট ৰোগ,আয়ুস বহি: বিভাগ,সাধাৰণ বহি: বিভাগ,দন্ত ৰোগ বহি: বিভাগ,কাণ,নাক আৰু ডিঙি বহি:বিভাগ,চকুৰোগ,স্নায়ুৰোগ আদি বিভিন্ন ৰোগৰ কক্ষত চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে স্বাস্হ্য সন্দৰ্ভত চিকিৎসা প্ৰদান কৰে । আজিৰ অনুষ্ঠানত কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান, জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞা,নিউ গুৱাহাটী সম জিলা আয়ুক্ত অৰুন্ধতী মিপুন নৰহ, গুৱাহাটী পৌৰনিগমৰ পাৰিষদ,জিলা প্ৰশাসনৰ বিষয়া -কৰ্মচাৰী,চিকিৎসক, চিকিৎসা কৰ্মী তথা নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ বিদ্যালয় সমূহৰ সহস্ৰাধিক শিক্ষাৰ্থী তথা অভিভাৱকসকলে এই শিবিৰত অংশগ্ৰহণ কৰে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ