কামৰূপ মহানগৰ জিলাত চৰকাৰী বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ খতিয়ান সন্দৰ্ভত মাহিলি পৰ্যালোচনা বৈঠকখন আজি জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হৈ যায়। কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱনৰ অধ্যক্ষতাত অনুষ্ঠিত উক্ত বৈঠকত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া, প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । সভাত জিলা আয়ুক্তই অংশগ্ৰহণকাৰী বিষয়াসকলক চৰকাৰী আঁচনিসমূহ সঠিকভাৱে নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। লগতে তেওঁ খতিয়ানৰ ৰিপোৰ্টসমূহ সময়মতে জমা দিয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে । অংশগ্ৰহণকাৰী বিভাগসমূহে নিজৰ নিজৰ বিভাগৰ চৰকাৰী আঁচনি তথা প্ৰকল্পসমূহৰ ৰূপায়ণ সম্পৰ্কীয় তথ্যসমূহ পাৱাৰ পইন্ট প্ৰেজেণ্টটেশ্যন পদ্ধতিৰে প্ৰদৰ্শন কৰে। অনুষ্ঠানত কামৰূপ (ম) জিলাৰ উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা উপস্থিত থাকি বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন