কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হয়। জিলা উপায়ুক্তৰ সভাগৃহত বিয়লি চাৰি বজাৰ পৰা অনুষ্ঠিত সভাখনত জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। সভাত উপস্থিত থাকি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াৰ লগত সংযোগী অনান্য পথসমূহত শেহতীয়াকৈ বৃদ্ধি হোৱা যানজঁট শীঘ্ৰেই নিয়ন্ত্ৰণ কৰি এক সূচল যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ লগতে মহানগৰীত থকা ব্লেক স্পটসমূহ চিনাক্ত কৰি জিলা পথ-সুৰক্ষা সমিতিৰ অৱগত কৰিবলৈ ট্ৰেফিকৰ লগতে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। ইফালে আই পি এলৰ বাবে মহানগৰীলৈ আগমন হোৱা খেলুৱৈসকলৰ যাতায়াতৰ বাবে বিমানবন্দৰৰ পৰা ৰেডিছন ব্লু, বিমান বন্দৰৰ পৰা হোটেল তাজ, ৰেডিছন ব্লুৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম আৰু হোটেল তাজৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম সংযোগী নিদিষ্ট পথসমূহত প্ৰতিটো মুহূৰ্ততে শৃংখলাবদ্ধ আৰু সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তুলিবলৈ জিলা উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে ৷ একেদৰে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ সময়ত নিচিদ্ৰ যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে ট্ৰেফিকসহ অনান্য বিভাগসমূহক নিৰ্দেশ দিয়ে ৷ এমভিআই, লোকনিৰ্মাণ বিভাগৰ পথ নিৰ্মাণকে ধৰি অনান্য বিভাগৰ বিষয়াৰে গঠিত দুৰ্ঘটনা অনুসন্ধানকাৰী দল পূৰ্বতকৈ অধিক সষ্টম কৰি দূৰ্ঘটনা বিষয়ক সকলো অনুসন্ধান পুংখানুপুংখভাৱে অব্যাহত ৰাখি জিলা পথ-সুৰক্ষা সমিতিক অৱগত কৰি থাকিবলৈয়ো জিলা উপায়ুক্ত গৰাকীয়ে আহ্বান জনায় ৷ পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভাখনত সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পথ-সুৰক্ষা সমিতিৰ সচিব তথা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা হেমন্ত দেউৰী ভড়ালী, ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী সংস্থাৰ বিষয়া কল্যাণ দত্ত, জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস, ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, প্ৰৱৰ্তক পৰিদৰ্শক নিতু চেতীয়াকে ধৰি জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী