অহা ৪ জুনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ভোট গণনা প্ৰক্ৰিয়াত নিয়োজিত বিষয়া-কৰ্মচাৰী সকলৰ যাৱতীয় প্ৰশিক্ষণৰ আজি অন্ত পৰে । প্ৰশিক্ষণৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত তথা গুৱাহাটী লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া সুমিত ছাত্তাৱানে ভোট গণনাত নিয়োজিত প্ৰতি গৰাকী বিষয়া-কৰ্মচাৰীকে নিজৰ দায়িত্ব তথা কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ।উল্লেখযোগ্য যে যোৱা ২৭ মে’ৰ পৰা দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰ আৰু জিলা আয়ুক্তৰ সভাকক্ষত আয়োজিত এই প্ৰশিক্ষণত ভোট গণনা প্ৰক্ৰিয়াত জড়িত গণনা তত্বাৱধায়ক, গণনা সহায়ক, মাইক্ৰ অৱজাৰভাৰ,পোষ্টেল বেলট গণনাকাৰীৰ লগতে টেবুলেচন আৰু কম্পাইলচনত জড়িত সকলক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হয় । আজিৰ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত অজিত শৰ্মাসহ জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন