অহা ৪ জুনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ভোট গণনা প্ৰক্ৰিয়াত নিয়োজিত বিষয়া-কৰ্মচাৰী সকলৰ যাৱতীয় প্ৰশিক্ষণৰ আজি অন্ত পৰে । প্ৰশিক্ষণৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত তথা গুৱাহাটী লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া সুমিত ছাত্তাৱানে ভোট গণনাত নিয়োজিত প্ৰতি গৰাকী বিষয়া-কৰ্মচাৰীকে নিজৰ দায়িত্ব তথা কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ।উল্লেখযোগ্য যে যোৱা ২৭ মে’ৰ পৰা দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰ আৰু জিলা আয়ুক্তৰ সভাকক্ষত আয়োজিত এই প্ৰশিক্ষণত ভোট গণনা প্ৰক্ৰিয়াত জড়িত গণনা তত্বাৱধায়ক, গণনা সহায়ক, মাইক্ৰ অৱজাৰভাৰ,পোষ্টেল বেলট গণনাকাৰীৰ লগতে টেবুলেচন আৰু কম্পাইলচনত জড়িত সকলক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হয় । আজিৰ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত অজিত শৰ্মাসহ জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ