কামৰূপ মহানগৰ জিলাৰ ১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা আৰু ছোৱালীৰ লগতে ১৫ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাৰ আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতা ৪ আৰু ৫ জুলাইত উলুবাৰীস্থিত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয়।প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী আৰু যোগাযোগ বিষয়া বিধান দাস উপস্থিত থাকে।কামৰূপ মহানগৰ জিলাৰ ১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত সৰ্বমুঠ ১৮ খন বিদ্যালয় আৰু ছোৱালীৰ শাখাত ৬ খন বিদ্যালয়ৰ লগতে ১৫ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত ১০ খন বিদ্যালয়ে অংশগ্ৰহণ কৰে।১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত অম্বিকাগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দিছপুৰ একাডেমী বিদ্যালয়ক ৫-৩ গ’লত ব্যৱধানত পৰাস্ত কৰে। আনহাতে দিছপুৰ একাডেমীৰ ৫ নম্বৰ জাৰ্চী পৰিহিত অৰচিম হাঞ্চে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।তদপুৰি ১৭ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ শাখাত বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ে নৰকাসুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৫-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে।বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১১ নম্বৰ জাৰ্চী পৰিহিত মেৰী মেচে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ।আনহাতে ১৫ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাৰ আদৰ্শ জাতীয় বিদ্যালয়ে ড° ৰাধাকৃষ্ণণ একাডেমীক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে আৰু আদৰ্শ জাতীয় বিদ্যালয়ৰ ১০ নম্বৰ জাৰ্চী পৰিহিত পৰশ প্ৰধানে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে । উল্লেখযোগ্য যে উক্ত বিজয়ী বিদ্যালয় কেইখনে আগন্তুক ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’বলগীয়া ক্ৰমে দেউকন, পিলিক চৌধুৰী আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী আন্তঃ জিলা বিদ্যালয় ফুটবল দলক কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰিব।আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈ আৰু প্ৰাক্তন শাৰীৰিক নিৰ্দেশক তথা আৰু ক্ৰীড়া সংগঠক গীতেশ ধৰ উপস্থিত থাকে।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান