এক বিশ্ব,এক স্বাস্হ্যৰ বাবে যোগ ” (Yoga for one earth ,one health ) শীৰ্ষক মূলমন্ত্ৰৰে আজি পুৱা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত তথা অসম চৰকাৰৰ আয়ুস সঞ্চালকালয়, ক্ৰীড়া সঞ্চালকালয় আৰু যুৱ কল্যাণ আৰু জিলা স্বাস্হ্য সমিতিৰ আয়োজনত মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত একাদশ আন্তৰ্জাতিক যোগ দিৱস অনুষ্ঠিত হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কামৰূপ মহানগৰ জিলাৰ পূৱ গুৱাহাটী বিধান সভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কয় যে যোগাভ্যাসে শৰীৰ আৰু মন সমানে সুস্থ কৰি ৰাখে । শৰীৰ ভালে থাকিলেহে মন ভালে থাকে । যোগৰ জৰিয়তে বহু দুঃসাধ্য কাম সহজ কৰিব পাৰি । যোগ দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনিৰ অধীনত ৯ গৰাকী অসম গৌৰৱ আৰু ১ গৰাকী ব্যক্তিক বিধায়ক ভট্টাচাৰ্য্য ,গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু জিলা আয়ুক্ত সুমিত ছাত্তাৱানে আযুস্মান গোল্ড কাৰ্ড প্ৰদান কৰে । একেদৰে উলুবাৰী বক্সিং ক্লাৱ আৰু শান্তিপুৰ এথলেটিক ক্লাৱৰ বিষয়ববীয়াক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা অনুদান হিচাপে ৫ লাখকৈ টকাৰ চেক তেওঁলোকে প্ৰদান কৰে।অনুষ্ঠানত যোগেশ্বৰ সংস্থা,ইণ্ডিয়ান যোগ কালচাৰ আৰু যোগ থেৰাপী,ইনষ্টিটিউট অব যোগা এণ্ড নিউট্ৰিশ্বন চায়েন্স,সেৱা ভাৰতী পূৰ্বাঞ্চল,আৰ্ট অফ লিভিং আৰু স্বাস্থ্যমে যোগ প্ৰদৰ্শন কৰে । যোগ কাৰ্যসূচীত জিলা প্ৰশাসনৰ উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞা,অতিৰিক্ত আয়ুক্ত ,সহকাৰী আয়ুক্ত তথা সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে । অনুৰূপধৰণে কামৰূপ মহানগৰৰ দিছপুৰ সমজিলাই দিছপুৰ মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰে । দিছপুৰ মহাবিদ্যালয়ৰ অনুষ্ঠানত সমজিলা আয়ুক্ত মনজিৎ বৰকাকতি,সহকাৰী আয়ুক্ত আয়াজ তনভীৰ আলম,দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মাথুৰ বৰ্মন,সমজিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী ,আৰ্ট অব লিভিংৰ প্ৰশিক্ষক, যোগ বিদ্যালয়ৰ প্ৰশিক্ষক তথা ইণ্ডিয়ান ডেণ্টেল এছোছিয়েচনৰ অসম তথা গুৱাহাটী শাখাৰ ব্যক্তিসকল উপস্থিত থাকে ।একেদৰে জালুকবাৰী সমজিলাৰ উদ্যোগতো আদাবাৰীস্থিত অটল উদ্যানত আন্তৰ্জাতিক যোগ দিৱস অনুস্থিত হয় । জালুকবাৰী সমজিলা আয়ুক্ত ড° জীৱন কৃঞ্চ গোস্বামী, সহকাৰী আয়ুক্ত ,অন্যান্য বিষয়া -কৰ্মচাৰী সহিতে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল উপস্থিত থাকে । আনহাতে ডিমৰীয়া সমজিলা প্ৰশাসনৰ সংশ্লিষ্ট যোগ অনুষ্ঠান লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান,উত্তৰ পূৱ আঞ্চলিক কেন্দ্ৰ সোণাপুৰত অনুস্থিত হয় ।অনুষ্ঠানত ডিমৰীয়া সম জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়া,সমজিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া -কৰ্মচাৰী তথা বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem