অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী আজি তামুলপুৰ জিলাৰ বৰনগৰস্থিত তামুলপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহতো জিলা প্ৰশাসনৰ উদ্যোগত প্ৰদৰ্শন কৰা হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটি তামুলপুৰৰ ৰাইজেও উপভোগ কৰে। লাইভ কাৰ্যসূচী আৰম্ভ হোৱাৰ আগে আগে বিটিচিৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগেন বড়ো, সহকাৰী আয়ুক্ত কবিতা ফাংছ’, মহকুমা সাংস্কৃতিক বিষয়া সিদ্ধাৰ্থ কুমাৰ দাস, জনসংযোগ বিষয়া বিজয় বেজবৰুৱা আদিয়ে কলাগুৰুৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। উল্লেখ্য যে জিলা প্ৰশাসনৰ উদ্যোগত ৰামেচুবুৰি হাইস্কুলত আয়োজিত ৰাভা সংগীত প্ৰতিযোগিতাত বিজয়ী শিক্ষাৰ্থী তিনিগৰাকীক আজিৰ অনুষ্ঠানতে পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। প্ৰথম পুৰস্কাৰ কনফিডেণ্ট একাডেমীৰ ছাত্ৰী প্ৰাচী ৰাভা, দ্বিতীয় পুৰস্কাৰ বিষ্ণু-জ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী প্ৰজ্ঞা জে বি কাকতি আৰু তৃতীয় পুৰস্কাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ধৃতিষ্মান ডেকাই লাভ কৰে। আজিৰ লাইভ কাৰ্যসূচীত অঞ্চলটোৰ বিশিষ্ট নাগৰিক, ছাত্ৰ-ছাত্ৰী, বিষয়া-কৰ্মচাৰী আদি উপস্থিত থাকে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem