কাৰ্গিল যুদ্ধৰ অমৰ শ্বহীদ উদ্ধব দাসৰ মৃত্যু বাৰ্ষিকীত মন্ত্ৰী ৰণজিৎ দাসৰ সশ্ৰদ্ধ স্মৰণ

0 605

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী,খাদ্য- অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ঐতিহাসিক কাৰ্গিল যুদ্ধৰ অসমৰ প্ৰথম শ্বহীদ পাঠশালাৰ উদ্ধব দাসৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ মহান শ্বহীদ গৰাকীক প্ৰতিচ্ছবিত মাল্যাপন কৰি ভাৰত মাতৃৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।মন্ত্ৰী দাসে কয় যে শ্বহীদ উদ্ধব দাসৰ অদম্য সাহস আৰু অতুলনীয় দেশপ্ৰেমে সদায়ে আমাক সমৃদ্ধ আৰু অনুপ্ৰাণিত কৰি ৰাখিব।মন্ত্ৰী গৰাকীয়ে শ্বহীদ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।

Leave A Reply

Your email address will not be published.