কিছু শিথিলতাৰ মাজেৰে ঘোষণা হ`ল নতুন এছ অ` পি

0 325

আজি ঘোষণা হৈছে নতুন SOP। নতুন SOPত তলত উল্লেখ ধৰণে নিৰ্দেশনা জাৰি কৰিছে।এই সম্পৰ্কত এক সংবাদমেল যোগে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই SOP ৰ নতুন নীতি নিৰ্দেশনা সম্পৰ্কে অৱগত কৰে।
★ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰতিবন্ধকতা আৰু সান্ধ্য আইনৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে।
★ ক’ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) আজিৰ এই সাংবাদিক মেলৰ (১ চেপ্তেম্বৰ ২০২১ৰ আগবেলা ১১.০০ বজা) পৰাই কাৰ্যকৰী হ’ব।
★ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা ৯.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন।
★ নিশা ৮.০০ বজালৈ খুলিব পাৰিব হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি।
এইপৰ্যন্ত এপালিও ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে অহা তিনিদিনৰ ভিতৰত ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব।
★প্ৰত্যেক চৰকাৰী কাৰ্যালয়ৰ মুৰব্বী বিষয়াই নিজ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে নে নাই, সেয়া পৰীক্ষা কৰিব। এতিয়ালৈকে এপালিও প্ৰতিষেধক নোলোৱা বিষয়া-কৰ্মচাৰীসকলে আগন্তুক ৩ দিনৰ ভিতৰতে প্ৰথম পালি প্ৰতিষেধক লোৱাটোও মূৰব্বী বিষয়াই সুনিশ্চিত কৰিব।
★ কেতবোৰ চৰ্তসাপেক্ষে ৰাজ্যৰ সকলো জিলা সামৰি আন্তঃ জিলা যাতায়ত মুকলি।
★ আন্তঃ জিলা (Inter district) আৰু অন্তঃ জিলা (Intra district) যাতায়তৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাছ আদিত ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি। কিন্তু কোনো যাত্ৰী পৰিবাহী বাহনেই আসন সংখ্যাৰ অতিৰিক্ত ভাৱে থিয় কৰি যাত্ৰী (standing passenger) নিব নোৱাৰিব। যাত্ৰী থিয় কৰি (standing passenger) নিয়া বাহন ধৰা পৰিলে, তেনে বাহন আৰু থিয় হৈ যোৱা যাত্ৰীৰ ওপৰত বৰ্ধিত হাৰত জৰিমণা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ’ব।
★ কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে আন্তঃ জিলা (Inter district) আৰু অন্তঃ জিলা (Intra district) যাতায়ত কৰিব পাৰিব। মাস্ক বাধ্যতামূলক।
★ অটোৰিক্সা, চাইকেল ৰিক্সা, টেক্সীৰ ক্ষেত্ৰতো ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি। অৱশ্যে কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা আৰু মাস্ক পৰিধান কৰাটো যাত্ৰী-চালকৰ বাবে বাধ্যতামূলক।
★ কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ ক্ষেত্ৰত বাইক-মটৰ চাইকেলত দুজন উঠাত অনুমতি। মাস্ক বাধ্যতামূলক।
★ ব্যক্তিগত লঘু যান-বাহনেৰে যাত্ৰা কৰিলেও সকলো যাত্ৰীৰ বাবেই মাস্ক বাধ্যতামূলক। মাথো এজনে যাত্ৰা কৰিলেও পিন্ধিব লাগিব মাস্ক।
★শিক্ষানুষ্ঠান :
স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান পৰ্ব মুকলিত অনুমতি। অৱশ্যে একোটা শ্ৰেণীকক্ষত সৰ্বাধিক ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠগ্ৰহণ কৰিব পাৰিব। শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি প্ৰয়োজন হোৱাকৈ অতিৰিক্ত শ্ৰেণীকক্ষৰ ব্যৱস্থা কৰিব।
★ স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত ১৮ বছৰৰ অনুৰ্দ্ধ ছাত্ৰ-ছাত্ৰীসকলে ক’ভিড প্ৰতিষেধক অবিহনেই শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰিব পাৰিব যদিও ইতিমধ্যে ১৮ বছৰ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে ক’মেও এপালি প্ৰতিষেধক ল’লেহে শ্ৰেণীকোঠালৈ আহিব পাৰিব।
★ কাইলৈৰ পৰা প্ৰথম তিনিদিনত এই শিক্ষানুষ্ঠানসমূহৰ অধ্যাপক-শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী (১৮ বছৰ ঊৰ্দ্ধৰ) সকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুনিশ্চিত কৰাৰ উপৰি শিক্ষানুষ্ঠান চৌহদ তথা শ্ৰেণীকোঠাৰ পৰিষ্কাৰ-পৰিচ্চন্নতাৰ লগতে বীজাণুনাশনৰ ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠাত পাঠদান প্ৰক্ৰিয়া অহা সোমবাৰ (৬ চেপ্তেম্বৰ ২০২১)ৰ পৰাহে আৰম্ভ কৰিব পাৰিব।
★ স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ এই পাঠদানৰ বাবে হোষ্টেল মুকলিত অনুমতি। অৱশ্যে কেৱল দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা ছাত্ৰ-ছাত্ৰীয়েহে হোষ্টেলত থাকিব পাৰিব।
★মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল’ব পাৰিব। এইক্ষেত্ৰত স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব। অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি-অনুষ্ঠানৰ ক্ষেত্ৰত সৰ্বাধিক ২০০ গৰাকী লোকে (কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা) অংশগ্ৰহণ কৰিব পাৰিব।
★প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব।
★ বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ৫০ গৰাকী লোকে। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে ভাগ ল’ব পাৰিব।
★অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ৫০ গৰাকী লোকে।
★ ৰাজ্যৰ বিখ্যাত ধৰ্মীয়স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদি)ত প্ৰতি ঘণ্টাত সৰ্বাধিক ৪০ গৰাকী লোকৰ দৰ্শনত অনুমতি। আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ২০গৰাকী লোকৰ বাবে অনুমতি। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ।
★সাপ্তাহিক বজাৰসমূহ সৰ্বাধিক ৬ ঘণ্টীয়া শ্বিফ্টৰ ব্যৱধানেৰে মুকলিত অনুমতি।
স্থানীয় প্ৰশাসনে এইক্ষেত্ৰত সময়সূচী তথা আনুসংগিক নিয়মসমূহ নিৰ্ধাৰণ কৰিব।
★ বিমান বন্দৰত দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা বিমানযাত্ৰীক ক’ভিড পৰীক্ষণৰ পৰা ৰেহাই। ক’ভিড প্ৰতিষেধক এপালিহে লোৱা বা এপালিও নোলোৱাকৈ থকা বিমানযাত্ৰীৰ বাবে ক’ভিড পৰীক্ষা বাধ্যতামূলক। দুপালি প্ৰতিষেধক নোলোৱা বিমানযাত্ৰীৰ বাবে বিমান বন্দৰত ২৫০ টকাৰ ৰেহাই মূল্যত আৰটি-পিচিআৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা বাধ্যতামূলক।
★সান্ধ্য আইনৰ মাজতো নৈশ বাচৰ চলাচলত অনুমতি।

Leave A Reply

Your email address will not be published.