কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ উদ্বোধন

0 244

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অন্তৰ্গত উদ্যান বিজ্ঞান মহাবিদ্যালয়ৰ ছয় গৰাকী স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰীৰ উদ্যোগত কামৰূপ জিলাৰ কুলহাটি গাওঁত মঙলবাৰে এটা  কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ  মুকলি হয় ৷ কেন্দ্ৰটো মুকলি কৰি শুৱালকুছি চক্ৰৰ কৃষি উন্নয়ন বিষয়া মানবেন্দ্ৰ শৰ্মাই ছাত্ৰী সকলৰ এই অভিনৱ প্ৰচেষ্টাৰ শলাগ লৈ কয় যে কেন্দ্ৰটোৱে অঞ্চলটোৰ এটা বহুদিনীয়া অভাৱ পূৰণ কৰিব৷
 
 
উল্লেখযোগ্য যে পাঁচ গৰাকী অসমৰ ছাত্ৰী ক্ৰমে নীলাক্ষি বৰদলৈ , দীক্ষিতা পল্লৱী দাস , বৰ্ষা নাথ , অমৃষা বুঢ়াগোহাঁই ,জাহ্নৱী বৰুৱা তথা মিজোৰামৰ ছাত্ৰী লালৰিণফেলি ৰ প্ৰচেষ্টাত স্থাপন হোৱা তথ্য কেন্দ্ৰটোৰ কুলহাটি গাঁৱৰ কৃষক সকলৰ মাজত আধুনিক কৃষি পদ্ধতিৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উপৰিও বিজ্ঞানসন্মত কৃষি কাৰ্য্যৰ বাবে প্ৰয়োজনীয় তথ্য যোগান ধৰে৷
 
 
ইয়াৰ উপৰিও  কৃষক সকলে সন্মুখীন হোৱা কৃষিভিত্তিক সমস্যা সমূহৰ বাস্তৱসন্মত সামাধান কেন্দ্ৰটোৰ যোগেদি আগবঢ়োৱাৰ প্ৰয়াস কৰা হয় বুলি জানিব পৰা গৈছে৷
 
আকৰ্ষণীয় দৃশ্যমান সজুলি ,কৃষি কৃষিভিত্তিক আৰ্হি , নমুনা , পোষ্টাৰ , উন্নত জাতৰ শস্যৰ বীজ তথা ৰোপন সামগ্ৰী আদিৰে সমৃদ্ধ তথা কেন্দ্ৰটো ছয়টা প্ৰযুক্তিগত শাখাৰ জৰিয়তে বিভিন্ন আধুনিক কৃষি প্ৰযুক্তি উপস্থাপন কৰা হৈছে৷
 
কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত এই ছয় গৰাকী ছাত্ৰীয়ে পাঁচ মাহ  কুলহিটি গাঁৱত থাকি গাঁওখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে এখন কাৰ্য্য আঁচনি ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে ৷ ইয়াৰ অন্তৰ্গত প্ৰয়োজন ভিত্তিক প্ৰশিক্ষণ কৃষি কৰ্ম কৌশল প্ৰদৰ্শন , প্ৰযুক্তি হস্তান্তৰ আদি কাৰ্য্যপন্থা সামৰি ল’ব ৷ কৃষি ছাত্ৰীৰ এই গোটটোৰ পৰামৰ্শদাতা হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ উদ্যান শস্য গৱেষণা কেন্দ্ৰ কাঁহিকুছিৰ বিজ্ঞানীদ্বয় ক্ৰমে ড° জয়ন্ত কুমাৰ শৰ্মা আৰু শিৱানী দাসে সেৱা আগবঢ়ায় ৷
কুলহাটি দুৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত তথা কেন্দ্ৰটোৰ উদ্বোধনী সভাখনত মুখ্য অতিথি মানবেন্দ্ৰ শৰ্মাৰ উপৰিও কুলহাটি গাঁও উন্নয়ন সমিটিৰ সভাপতি মনমোহন দাস , গাঁও পঞ্চায়তৰ সভানেত্ৰী পদুমী দাস তথা উদ্যান শস্যৰ গৱেষণা কেন্দ্ৰ কাঁহিকুছি বিজ্ঞানী ড° সমীৰণ পাঠকে বক্তব্য আগবঢ়ায়৷অনুষ্ঠানত বহু কেইগৰাকী বিজ্ঞানী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.