কেঁচুসাৰ প্ৰস্তুত কৰণৰ প্ৰশিক্ষণ সমাপন

1 255

গুৱাহাটী পশ্চিমপ্ৰান্তৰ আজাৰা কাঁহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ চৌহদত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত কেঁচুসাৰ প্ৰস্তুত কৰণেৰে কৃষি দক্ষতা বিকাশ বিষয়ক এক প্ৰশিক্ষণ শিৱিৰ‌ ২১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে। অহা ১৬ মাৰ্চত সামৰণি পৰিব লগীয়া ২৬ দিনীয়া শিৱিৰত কামৰূপ জিলাৰ ৰঙীয়া আৰু হাজো সমষ্টিৰ চাৰিটা পৰ্যায়ৰ মুঠ ২০ গৰাকী নিৰ্বাচিত যুৱক-যুৱতীয়ে ভাগ লৈছে।
আনহাতে শিৱিৰৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ কৃষি বিভাগৰ সহকাৰী সঞ্চালক ইউচুফ আলীয়ে আচঁনিখনৰ বাখ্যা দাঙি ধৰে। অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰৰ কামৰূপৰ প্ৰধান বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতা, ডি আৰ ডি ওৰ কাৰ্যবাহী অভিযন্তা বলেন্দ্ৰ কলিতা, ভাৰতীয় কৃষি দক্ষতা বিকাশ পৰিষদৰ বিষয়া নিৰোদ চক্ৰৱৰ্তী, কেন্দ্ৰৰ ভুমি বিজ্ঞানী তথা শিৱিৰৰ পৰিচালক গৌতমী কটকীকে ধৰি কেন্দ্ৰৰ কেইবাগৰাকী বিজ্ঞানী উপস্থিত থাকে।
উল্লেখযোগ্য যে শিৱিৰত ৰাসায়নিক সাৰ প্ৰয়োগৰ বিপৰীতে কেঁচুসাৰ প্ৰস্তুত কৰণেৰ কিদৰে নিৰ্ভেজাল শস্য উৎপাদন কৰিব পাৰি তাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।
খবৰ যুগুতালে ছয়গাঁৱৰপৰা জিতুমণি দাসে..

1 Comment
  1. SRI BIKI KUMAR. says

    সচাকৈয়ে এই প্ৰশিক্ষণটো গ্ৰহণ কৰি মোৰ বহুত ভাল লাগিছে |
    মই এই প্ৰশিক্ষণতো গ্ৰহণ কৰি নিজেও জৈৱিক পদ্ধতিৰে খেতি কৰিম আৰু আনকো এই পদ্ধতিৰে খেতি কৰিব কম
    আৰু এই পদ্ধতিৰ দ্বাৰা খেতি কৰিলে কেনেধৰণৰ উপকাৰ আৰু কেনেধৰণৰ সুবিধা কথাটো সকলোকে জনাই দিম |

Leave A Reply

Your email address will not be published.