কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গদকাৰীৰ ঘোষণা-২০২৩চনৰ আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব জামুগুৰিহাটৰ চকীঘাট দলং নিৰ্মাণৰ কাম

0 379

চকীঘাটত জীয়া ভৰলী নদীৰ ওপৰত নিৰ্মাণ কাৰ্য চলি থকা চকীঘাট দলং নিৰ্মাণৰ কাম ২০২৩চনৰ আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি সংসদৰ মজিয়াৰ লগতে সামাজিক মাধ্যমত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাদকাৰীয়ে ঘোষণা কৰাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে জামুগুৰিহাটৰ লগতে উত্তৰ অসমৰ ৰাইজ।কিয়নো চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ জীয়া ভৰলী নদীৰ ওপৰত নিৰ্মাণ কাৰ্য চলি থকা এই দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিলে যাতায়তৰ ক্ষেত্ৰত সূচনা হ’ব এক নতুন অধ্যায়ৰ। জামুগুৰিহাটৰ পৰা তেজপুৰলৈ বৰ্তমান ৫২কিলোমিটাৰ দূৰত্বৰ সলনি এই দলং নিৰ্মাণ হৈ উঠিলে দূৰত্ব হ’ব মাত্ৰ ১৮কিলোমিটাৰ আৰু বৰ্তমানৰ এক ঘন্টাৰ সলনি তেজপুৰ পাবলৈ সময় লাগিব মাত্ৰ ১৫মিনিট। ইতিমধ্যে চকীঘাটৰ দলং নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবঢ়া পৰিলক্ষিত হৈছে। নিৰ্মাণ কাৰী সংস্থাই দলংখনৰ নিৰ্মাণ কাৰ্য চলি থকা ২৮টা খুটাৰ ইতিমধ্যে ১৭টাৰ খুটাৰ প্ৰায় সমুহ কাম সম্পূৰ্ণ কৰি তুলিছে।

Leave A Reply

Your email address will not be published.