কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

0 72

অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই শুকুৰবাৰে কোকৰাঝাৰত এখন দলীয় নিৰ্বাচনী বৈঠক সম্বোধন কৰে। বৈঠকত কোকৰাঝাৰ লোকসভা সমষ্টিত অগপৰ আৰু মিত্ৰদলৰ কৰ্মকৰ্তাসকলে অব্যাহত ৰখা নিৰ্বাচনী কাম-কাজ সন্দৰ্ভত আলোচনা কৰা হয়। কোকৰাঝাৰ সংসদীয় সমষ্টিৰ এনডিএ-ৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয় নিশ্চিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত বৈঠকখনত বিটিআৰপ্ৰধান প্ৰমোদ বড়ো আৰু সংসদীয় সমষ্টিটোৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীগৰাকীয়ে অগপৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে।

সভাখনত অগপৰ উপ সভাপতি কৰ্ণমোহন ৰয়, সাধাৰণ সম্পাদক ভূপেন ৰায়ৰ লগতে কেন্দ্ৰীয় সমিতিৰ অন্যান্য বিষয়ববীয়া, কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা সমিতি আৰু ৯টা বিধানসভা সমষ্টিৰ বিষয়ববীয়াসকল তথা অগপৰ মিত্ৰদলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.