কোনো ধৰণৰ সা-সুবিধা নোপোৱাকৈ সুখ্যাতিৰে উত্তীৰ্ণ হ’ল এই দুগৰাকী মেধাৱী

0 435

দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাৰেই প্ৰমাণ দিলে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হেমন্ত শৰ্মা আৰু পৰিস্মিতা বৰাই । উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ফলাফল অনুসৰি জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাৰিপুখুৰীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ হেমেন্ত শৰ্মাই ৮০ শতাংশৰে চাৰিটা বিষয়ত লেটাৰ নম্বৰ আৰু হাটিঙাৰ দৰিদ্ৰ মেধাৱী ছাত্ৰী পৰিস্মিতা বৰাই প্ৰথম বিভাগত উৰ্ত্তীণ হৈ এটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ হাটিঙাৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী পৰিস্মিতা বৰাৰ লগতে চাৰিপুখুৰী গাঁৱৰ ছাত্ৰ হেমন্ত শৰ্মাৰ নাছিল সকলো সা-সুবিধা ৷ দৰিদ্ৰতাক প্ৰত্যাহ্বান হিচাপে গ্ৰহন কৰা হেমন্ত আৰু পৰিস্মিতাই বিগত কভিদ কালত অনলাইন ক্লাচ কৰিব পৰা নাছিল এনৰইড মোবাইল নথকাৰ বাবেই ৷ জানিব পৰা মতে পৰিস্মিতা আৰু হেমন্তৰ পিতৃ মাতৃয়ে এসাঁজ খাই এসাঁজ নোখোৱাকে লঘোনে ভোকে থাকিও পঢ়াৰ সুবিধা দিবলৈ চেষ্টা কৰিছিল । বিভিন্ন দল-সংগঠন, শিক্ষাগুৰুৰ লগতে অঞ্চলবাসীয়ে উষ্ম অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ৷ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সৰ্বমুঠ ৮৪ জনৰ ভিতৰত প্ৰথম বিভাগত ৯ জন, দ্বিতীয় বিভাগত ৩১ জন আৰু তৃতীয় বিভাগত ৪৪ জনে উৰ্ত্তীণ হয় বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ শিক্ষকসকলে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.