ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিলৈ অনুৰাগীৰ বিশেষ উপহাৰ।দেওবাৰে চিত্ৰশিল্পী ৰাহুল পাৰিকে কোহলিৰ এখন চিত্ৰ বনাই অধিনায়ক গৰাকীক উপহাৰ যাঁচিলে।ৰাহুলৰ চিত্ৰকৰ্ম দেখি বিৰাট কোহলি অভিভূত হৈ পৰাৰ লগতে চিত্ৰখনত স্বাক্ষৰ কৰি এনেদৰে লিখে-Dear Rahul,this is an outstanding creation!!Well done,Best Wishes.এই সন্দৰ্ভত বি চি চি আইয়ে কোহলি আৰু ৰাহুলৰ কথোপকথনৰ এটা ভিডিঅ’ পোষ্ট কৰি এনেদৰে লিখিছে-Using old mobile phones.How is this for fan .ভিডিঅ’ত বিৰাট কোহলিৰ অনুৰাগী ৰাহুলে মনৰ ভাৱ ব্যক্ত কৰি এনেদৰে কয়-তেওঁ মোক লগ কৰিবলৈ অহা সময়ত মোৰ হৃদয় কঁপি উঠিছিল।পুৰণা মোবাইল,বৈদ্যুতিক তাঁৰ ব্যৱহাৰ কৰি তিনি দিন তিনি ৰাতি ধৰি মই এই চিত্ৰ বনালো।তেওঁ মোক শুভেচ্ছা যাঁচি স্বাক্ষৰ প্ৰদান কৰে।কিছু মাহৰ পূৰ্বে মই অনুভৱ কৰিছিলো,তেওঁ গুৱাহাটীলৈ আহিব।উল্লেখযোগ্য যে ধুবুৰীৰ ২১ বৰ্ষীয় ৰাহুল পাৰিক গুৱাহাটী কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰ।এই চিত্ৰশিল্পীজনে কম্পিউটাৰ মাদাৰবোৰ্ড,বৈদ্যুতিক তাঁৰ ব্যৱহাৰ কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ চিত্র বনাই প্ৰশংসাৰ পাত্ৰ হৈছিল।যাৰ বাবে ৰাহুলৰ নাম ২০১৯ বৰ্ষৰ ইণ্ডিয়া বুক অফ ৰেকৰ্ড’ত অন্তর্ভুক্ত হৈছে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি