ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিলৈ অনুৰাগীৰ বিশেষ উপহাৰ।দেওবাৰে চিত্ৰশিল্পী ৰাহুল পাৰিকে কোহলিৰ এখন চিত্ৰ বনাই অধিনায়ক গৰাকীক উপহাৰ যাঁচিলে।ৰাহুলৰ চিত্ৰকৰ্ম দেখি বিৰাট কোহলি অভিভূত হৈ পৰাৰ লগতে চিত্ৰখনত স্বাক্ষৰ কৰি এনেদৰে লিখে-Dear Rahul,this is an outstanding creation!!Well done,Best Wishes.এই সন্দৰ্ভত বি চি চি আইয়ে কোহলি আৰু ৰাহুলৰ কথোপকথনৰ এটা ভিডিঅ’ পোষ্ট কৰি এনেদৰে লিখিছে-Using old mobile phones.How is this for fan .ভিডিঅ’ত বিৰাট কোহলিৰ অনুৰাগী ৰাহুলে মনৰ ভাৱ ব্যক্ত কৰি এনেদৰে কয়-তেওঁ মোক লগ কৰিবলৈ অহা সময়ত মোৰ হৃদয় কঁপি উঠিছিল।পুৰণা মোবাইল,বৈদ্যুতিক তাঁৰ ব্যৱহাৰ কৰি তিনি দিন তিনি ৰাতি ধৰি মই এই চিত্ৰ বনালো।তেওঁ মোক শুভেচ্ছা যাঁচি স্বাক্ষৰ প্ৰদান কৰে।কিছু মাহৰ পূৰ্বে মই অনুভৱ কৰিছিলো,তেওঁ গুৱাহাটীলৈ আহিব।উল্লেখযোগ্য যে ধুবুৰীৰ ২১ বৰ্ষীয় ৰাহুল পাৰিক গুৱাহাটী কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰ।এই চিত্ৰশিল্পীজনে কম্পিউটাৰ মাদাৰবোৰ্ড,বৈদ্যুতিক তাঁৰ ব্যৱহাৰ কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ চিত্র বনাই প্ৰশংসাৰ পাত্ৰ হৈছিল।যাৰ বাবে ৰাহুলৰ নাম ২০১৯ বৰ্ষৰ ইণ্ডিয়া বুক অফ ৰেকৰ্ড’ত অন্তর্ভুক্ত হৈছে।
Trending
- তামুলপুৰত সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠক
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা