টি টুৱেন্টি চাবলৈ ক্ৰীড়াপ্ৰেমী উৎসাহিত

0 219

সাজু বৰ্ষাপাৰা ষ্টেডিয়াম।গুৱাহাটীত উপস্থিত দেশী-বিদেশী ক্ৰীড়াপ্ৰেমী।বহু উৎকণ্ঠাৰ অন্ত পেলাই আজি সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব বছৰৰ প্ৰথমখন T20 মেচ।ভাৰত শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই খেলখন চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে প্ৰায় ৪০,০০০ দৰ্শক।কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে দৰ্শক সকলৰ বাবে কেবাটাও  নিৰ্দেশনা জাৰি কৰিছে।খেল চাবলৈ দৰ্শকে কেৱল ম’বাইল,গাড়ীৰ চাবি আৰু মানীবেগ লৈ যাব পাৰিব।আনহাতে দৰ্শকসকলে ষ্টেডিয়ামলৈ পোষ্টাৰ,জাতীয় পতাকা,চাৰি-ছয় লিখা প্লেকাৰ্ড নিব নোৱাৰিব।সিংহলী বাহিনীক পৰাস্ত কৰিবলৈ টীম ইণ্ডিয়া সম্পূৰ্ণ সাজু আৰু খেল খনকলৈ যথেষ্ট আশাবাদী বুলি জনাইছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে।

Leave A Reply

Your email address will not be published.