একক প্ৰচেষ্টাৰে গঢ়ি তোলা পুথিভঁৰালটো

0 202

সৰুৰে পৰাই কিতাপ পঢ়ি ভাল পোৱা এজন ব্যক্তি।স্মৃতিগ্ৰন্থ সংগ্ৰহ কৰি সংগ্ৰহালয় গঢ়াৰ সপোন দেখিছিল ব্যক্তিজনে।ব্যক্তিজনৰ নাম দিপক বৰা।ঘৰ লখিমপুৰৰ পথালি পাহাৰত। পেছাত ডাক বিভাগৰ কৰ্মচাৰী।তেখেতে গাঁঠিৰ ধন ভাঙি প্ৰায় দুহাজাৰ খনতকৈ অধিক কিতাপ থকা এটা পুথিভঁৰাল গঢ়ি তুলিছে।উল্লেখযোগ্য যে পুথিভঁৰালটোৰ নাম পথিকৃৎ-দ্য পায়’নিয়াৰ।যোৱা পাঁচ বছৰৰ আগতেই গঢ়ি তোলা এই পুথিভঁৰালটো লখিমপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত।বাৰশৰো অধিক স্মৃতিগ্ৰন্থ,বাতৰি কাকত,আলোচনীকে ধৰি বিভিন্ন ধৰণৰ গৱেষণামূলক কিতাপ এই পুথিভঁৰালটোত সংগৃহিত হৈ আছে।স্মৰ্তব্য যে এই পুথিভঁৰালটোলৈ বিভিন্ন গৱেষক ছাত্ৰ ছাত্ৰীৰ আগমন হয় ।এন ই ফ’কাচৰ সৈতে হোৱা এক বাৰ্তালাপত দিপক বৰাই কয় যে ইচ্ছুক গৱেষক ছাত্ৰ-ছাত্ৰীয়ে তথা পঢ়ুৱৈয়ে গ্ৰন্থৰ সুবাস ল’বলৈ তেখেতৰ পুথিভঁৰাললৈ আহিব পাৰে বুলি মন্তব্য কৰে। গীতাঞ্জলি গগৈৰ সহযোগত নিউজ ডেক্স ৰিপ’ৰ্ট ,এন ই ফ’কাচ ডট কম..

Leave A Reply

Your email address will not be published.