ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।

0 215

হকী কিংবদন্তি মেজৰ ধ্যান চান্দৰ সন্মানত পালন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত এইচ ডি এফ চি বেংক পৰিৱৰ্তনে ক্ৰীড়াৰ অনুপ্ৰেৰণা আৰু উত্থানৰ শক্তিক উদযাপন কৰিছে। বেংকৰ চি এছ আৰ কাৰ্যসূচীৰ জৰিয়তে ৩৮ গৰাকী মহিলা খেলুৱৈয়ে নিজৰ লক্ষ্যত উপনীত হবলৈ সহায় কৰিছে,স্থানীয় ক্ৰীড়াৰ সুবিধাসমূহ উন্নত কৰা হৈছে আৰু অধিক যুৱক-যুৱতীক ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে। বেংকটোৱে আজিলৈকে ক্ৰীড়াৰ জৰিয়তে ৫ হাজাৰৰো অধিক ব্যক্তিক প্ৰভাৱিত কৰিছে।
মহিলা খেলুৱৈসকলক সবলীকৰণৰ উদ্দেশ্যে এইচ ডি এফ চি বেংকে ২০২২ চনত গো’স্পোর্টছ ফাউণ্ডেশ্যনৰ সহযোগত আনষ্টপেবল – কাৰ্কে দিখাউংগী (ইউ কে ডি) আৰম্ভ কৰিছিল। ২০২২ চনত আৰম্ভ হোৱাৰ পৰাই ইউকেডি কাৰ্যসূচীয়ে ছটা শাখাত, ভিন্ন খেলৰ —ভাৰোত্তোলন (ৱেইটলিফটিং), এথলেটিকছ, সাঁতোৰ, বেডমিণ্টন, আৰ্চাৰী, আৰু টেবুল টেনিছ ৩৮ গৰাকী মহিলা খেলুৱৈক সহায় কৰিছে । মুঠ ২০৪ টা পদক লাভ কৰি—৯৭টা সোণ, ৫৬টা ৰূপ আৰু ৫১টা ব্ৰঞ্জৰ—এই খেলুৱৈসকলে উল্লেখযোগ্য সফলতা লাভ কৰিছে।ইয়াৰে ৩৬টা পদক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত লাভ কৰি বিশ্বত নিজৰ মানদণ্ড প্ৰদৰ্শন কৰে।প্ৰশিক্ষণ, ক্ৰীড়া বিজ্ঞান শিক্ষা, প্ৰতিযোগিতাৰ সংস্পৰ্শ আৰু আৰ্থিক সাহায্যৰ দৰে সামগ্ৰিক সহায় আগবঢ়াই এই কাৰ্যসূচীয়ে বাধাসমূহ ভাঙি ভাৰতীয় ক্ৰীড়াত নতুন প্ৰজন্মৰ মহিলা ক্ৰীড়াৰ আদৰ্শ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে।
বেংকে ফাউণ্ডেশ্যন ফৰ প্ৰমোচন অৱ স্পোর্টছ এণ্ড গেমছৰ সৈতে সহযোগিতা সৈতেও কাম কৰি ভাৰতীয় খেলুৱৈসকলক নগদ ধন, সঁজুলি, ক্ৰীড়া বিজ্ঞান, আৰু অন্যান্য প্ৰশিক্ষণ আৰু উন্নয়ন কাৰ্যসূচী প্ৰদান কৰে। এই পদক্ষেপত অলিম্পিক পদক লাভ কৰাৰ সম্ভাৱনা থকা জ্যেষ্ঠ আৰু কনিষ্ঠ খেলুৱৈ উভয়কে অন্তৰ্ভুক্ত কৰা হৈছে, বিশেষকৈ পেৰা-এথলীট চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
এইচ ডি এফ চি বেংক পৰিৱৰ্তনে খেলুৱৈৰ বিকাশৰ প্ৰচেষ্টাৰ উপৰিও অসম, হাৰিয়ানা, কৰ্ণাটক, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, উত্তৰ প্ৰদেশ, আৰু উত্তৰাখণ্ডকে ধৰি কেইবাখনো ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নত কৰি আছে। সমগ্ৰ ভাৰততে ক্ৰীড়াৰ আন্তঃগাঁথনি পুনৰুজ্জীৱিত কৰাৰ লগতে বহনক্ষম জীৱিকাৰ সম্ভাৱনা সৃষ্টি কৰাৰ লক্ষ্যৰে স্পোর্টছ ৰাইচ প্ৰকল্পত এই প্ৰচেষ্টা অন্তৰ্ভুক্ত কৰা হৈছে।
চলিত বৰ্ষৰ জুন মাহত বেংক আৰু প্লেন ইণ্টাৰনেশ্যনেলে উত্তৰ প্ৰদেশৰ বাঘপাটত পুনৰ নিৰ্মাণ আৰু উন্নীতকৃত জিলা ক্ৰীড়া ষ্টেডিয়াম আনুষ্ঠানিকভাৱে মুকলি কৰে, যিয়ে ২৫০০ৰো অধিক লোকক সহায় কৰিব। বৰ্তমান এই সুবিধাত জগিং ট্ৰেক, ইন’ডৰ ক’ৰ্ট, চুইমিং পুল, আৰু সৌৰ লাইটিং আছে, যাৰ ফলত চুবুৰীটোৱে ক্ৰীড়াৰ সৈতে জড়িত হোৱাৰ অধিক সুযোগ লাভ কৰিছে।
বেংকে হাৰিয়ানাৰ পঞ্চকুলাৰ টাউ দেৱী লাল ষ্টেডিয়াম আৰু জিমখানা ক্লাবক উন্নীত কৰাত সহায় কৰিছিল, য’ত এতিয়া উন্নত সাঁতোৰৰ সুবিধা, ১০ লেন শ্বুটিং ৰেঞ্জ, ফেন্সিং সঁজুলি, আৰু অব্ষ্টেকল কোৰ্চ আছে। কৰ্ণালৰ নিলোখেৰীৰ পুনৰুজ্জীৱিত পি এম শ্ৰী চৰকাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত বক্সিং ৰিং, সৌৰশক্তিচালিত সুবিধা, সম্পূৰ্ণ সাজ-সজ্জাযুক্ত ক্ৰীড়া সম্পদ কেন্দ্ৰ, আৰু নতুন বাস্কেটবল আৰু বেডমিণ্টন ক;ৰ্ট আদি সংযোজন কৰা হৈছে।

Leave A Reply

Your email address will not be published.