ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ১৭ বছৰ অনুৰ্দ্ধৰ ছোৱালী শাখাৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন কালি অৰ্থাৎ ২৮ জুলাইত সোণাপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয় । চুড়ান্ত খেলখনত কামৰূপ (ম )জিলাৰ হৈ বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও জিলাৰ হৈ ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰতিনিধিত্ব কৰে। উত্তেজনাপূৰ্ণ খেলখনত কামৰূপ মহানগৰ জিলাই ৪-১ গলৰ ব্যৱধানত মৰিগাঁও জিলাক পৰাস্ত কৰে আৰু কামৰূপ (ম) জিলাৰ ৭ নম্বৰ জাৰ্চী পৰিহিত মেৰী মেচে শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে । চুড়ান্ত খেলখনৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমুং, সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী,আন্তঃৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ যমুনা বড়ো, এনি লামা,আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ দুৰ্গা বড়ো, এল এন আই পি ইৰ জ্যেষ্ঠ অধ্যাপক ড॰ সুৰেন্দ্ৰৰ সিং, সোণাপুৰ মিনি ষ্টেডিয়ামৰ সভাপতি আফতাব হুছেইন, জ্যেষ্ঠ সাংবাদিক মৌচম বৈশ্য আৰু কামৰূপ মহানগৰ জিলা ক্ৰীড়া বিষয়া বন্দিতা গগৈ।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী