নেহেৰু যুৱ কেন্দ্রৰ নগাঁৱৰ উদ্যোগত স্বেচ্ছাসেৱী সংগঠন স্বাস্থ্য সেৱা জনকল্যাণ পৰিষদৰ সহযোগত নগাঁৱৰ ধূপগুৰি কলনি বস্তিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা খণ্ড পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ আজি সামৰণি পৰে।যোৱা ৩ ফেব্ৰুৱাৰীত ধূপগুৰি কলনি বস্তি আঞ্চলিক পৰিষদৰ সভাপতি মন্তু বৰুৱা আৰু উচমান গনি জুনিয়ৰ কলেজৰ অধ্যক্ষ ৰফিকুল ইছলামে শুভাৰম্ভণি কৰা অনুষ্ঠানৰ পাছতে গছপুলি ৰোপণ আৰু স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।পৰৱৰ্তী কাৰ্যসূচীত খণ্ড পৰ্যায়ত খেল ধেমালিত দৌৰ,পুখুৰী পাৰ,ভলীবল,হাই জাম্প,লং জাম্প,বেডমিণ্টন আদি প্ৰতিযোগিতাত কদমনি,বটদ্ৰৱা,ধূপগুৰি,টুকটুকী,চলাপথাৰ,ৰামপুৰ,ডুমডুমিয়া,ধনীয়াভেটি,আমলখি,চহৰীয়া,শলগুৰি আদি অঞ্চলৰ দুই শতাধিক যুৱক যুৱতীয়ে অংশগ্রহণ কৰে।খেল ধেমালিৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত অধ্যক্ষ ৰফিকুল ইছলাম,শিক্ষক ফুৰকান আলী চৌধুৰী,ছাহজাহান আলী,জিয়াবুৰ ৰহমান,ৰহুল আমিন খণ্ডকাৰ,মাইন উদ্দিন,ফকৰ উদ্দিন আলী আহমেদ,সাংবাদিক দিব্যজ্যোতি বৰুৱা,মন্তু বৰুৱা,সম্পাদক মফিদুল ইছলাম,নেহেৰু যুৱ কেন্দ্রৰ স্বেচ্ছাসেৱক নাজিৰুল ইছলাম,ইনামুল হক,দিলদাৰ হুছেইন,আজমল কবিৰকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem