
চীন ভাৰতৰ তিক্ততা সৰ্ম্পকৰ মাজতো ভাৰতীয় খেলুৱৈয়ে চীনৰ পৰা আঁজুৰি আনিলে পদক। চীনৰ ৰুগাঁৱত ২৪ পৰা ২৮ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হোৱা ২০ সংখ্যক এছীয়া প্ৰবীণ এথলেটিক প্ৰতিযোগিতাত ভাৰতৰ মুঠ ২১৯ গৰাকী প্ৰবীণ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰে ৪০ বছৰ উৰ্দ্ধৰ প্ৰতিযোগিতাত পশ্চিম বৰঝাৰ বিমান বন্দৰৰ বাসিন্দা অনিমা সোণোৱালে ৩ টাকৈ পদক লাভ কৰা খবৰে সমগ্ৰ অসমলৈ সুখবৰ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে অনিমা সোণোৱাল ভাৰতীয় বিমান বন্দৰ অধিকৰণৰ কৰ্মচাৰী।
