ক্ৰীড়াৰ বতাহ বলিছে অসমত

0 237

IMG-20171007-WA0017

চীন ভাৰতৰ তিক্ততা সৰ্ম্পকৰ মাজতো ভাৰতীয় খেলুৱৈয়ে চীনৰ পৰা আঁজুৰি  আনিলে পদক। চীনৰ ৰুগাঁৱত ২৪ পৰা ২৮ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হোৱা ২০ সংখ্যক এছীয়া প্ৰবীণ এথলেটিক প্ৰতিযোগিতাত ভাৰতৰ মুঠ ২১৯ গৰাকী প্ৰবীণ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰে ৪০ বছৰ উৰ্দ্ধৰ প্ৰতিযোগিতাত পশ্চিম বৰঝাৰ বিমান বন্দৰৰ বাসিন্দা অনিমা সোণোৱালে ৩ টাকৈ পদক লাভ কৰা খবৰে সমগ্ৰ অসমলৈ সুখবৰ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে অনিমা সোণোৱাল ভাৰতীয় বিমান বন্দৰ অধিকৰণৰ কৰ্মচাৰী।

PicsArt_10-07-08.42.59

ফিফা বিশ্বকাপ প্ৰতিযোগিতাত ভাৰত আৰু অষ্টেলিয়াৰ মাজত হবলগীয়া ৰ্টি ২০-মেচ  খনক লৈ প্ৰশাসনে বিশেষ তৎপৰতা অৱলম্বন কৰিছে। উল্লেখযোগ্য যে ৬ টা ছেক্টৰত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ’ব বুলি আৱৰ্ত ভৱনত অনুস্থিত এক সংবাদমেল যোগে সদৰী কৰিছে। স্মৰ্তব্য যে ৮ ৰ পৰা ২৫ অক্টোবৰলৈ গুৱাহাটীত ৯ খন খেল অনুস্থিত হ’ব। দৰ্শকে ধপাতজাতীয় সামগ্ৰী, ম’বাইলৰ পাৱাৰ বেংক নিয়াত নিষেধাজ্ঞা  জাৰি কৰিছে।
Leave A Reply

Your email address will not be published.