ক’ৰণাক প্ৰতিহত কৰিবলৈ অকলেই যুঁজত নামিছে কৃষ্ণই

0 351

ক’ৰণা ভাইৰাছে বিশ্ব জুৰি মহামাৰী ৰূপ লোৱা লগতে অসমতো ২০ জন লোক ইতিমধ্যে ক’ভিড ১৯ ভাইৰাছত আক্ৰান্ত হৈছে। চাৰিওফালে আতংকময় পৰিবেশে বিৰাজ কৰিছে ।
 
 
 
 
 
ক’ৰণা ভাইৰাছক ৰোধিবৰ বাবে চৰকাৰে নগৰ অঞ্চলত চেনিটাইজৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু মৰিয়ণীৰ ভিতৰুৱা গ্ৰাম্যাঞ্চলত বৰ্তমানে চৰকাৰ বা প্ৰশাসনে চেনিটাইজেচন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা নাই।
 
 
 
 
 
 
এনে সময়ত ল’ক ডাউনৰ মাজতে এজন ব্যক্তিয়ে একক প্ৰচেষ্টাৰে নকছাৰীৰ বিভিন্ন গাঁৱত চেনিটাইজেচন কৰি অহা লগতে ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে গাঁৱৰ  ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰি আহিছে।
 
 
 
 
ৰাতি পুৱা লগে লগে নকছাৰি নগাডেৰাৰ সমাজ সচেতন ব্যক্তি তথা আদৰ্শ ক্ষুদ্ৰ চাহ খেতিয়ক কৃষ্ণ প্ৰসাদ শৰ্মায়ে পিঠিত স্প্ৰে মেচিন লৈ সিখনৰ পিছত সিখন গাঁৱত চেনিটাইজেচন কৰাত ব্যস্ত হৈ পৰে।নিজৰ সঞ্চয়ৰ ধন খৰচ কৰি ব্যক্তিজনে নকছাৰিৰ কুৰিখনৰো অধিক গাঁওৰ লগতে টীয়ক বলমা অঞ্চলতো চেনিটাইজেচন কৰিছে।
 
 
 
 
 
 
নকছাৰিৰ বাগিচাচুক, নগাডেৰা, ষ্টেচন তিনিআলি, ডেবেৰাপাৰ চাৰিআলি, লাহদৈগড় মৰাণ গাঁৱৰ উপৰিও টিপমীয়া, বলমা লাহন গাঁওৰ আলিয়ে পদূলিয়ে বিপদকো আওকাণ কৰি অকলে অকলে চেনিটাইজেচনৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
 
 
 
 
বিভিন্ন সামাজিক অনুষ্ঠান বিদ্যালয়, যুৱ সংঘ, নামঘৰ , মছজিদ, স্থানীয় আৰক্ষী চকী আদিৰ চৌহদতো ব্যক্তিজনে চেনিটাইজেচনৰ ব্যৱস্থা গ্ৰহণ কৰিছে।সমগ্ৰ বিশ্ব বাসী ক’ৰণাৰ ভয়াবহতাৰ কবলত পৰা সময়ত ক’ৰণা বিৰুদ্ধে মানুহৰ এই যুঁজখনত কিবা এটা কৰিবলৈ পাই নিজে সুখী বুলি প্ৰকাশ কৰে কৃষ্ণ শৰ্মাই।
 
 
 
 
উল্লেখযোগ্য যে শৰ্মা এগৰাকী আদৰ্শ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে সমাজসেৱী। মানৱ দৰদী কৃষ্ণ শৰ্মাৰ এই প্ৰচেষ্টাক অঞ্চলটোৰ ৰাইজে শলাগ লৈছে।
খবৰ যুগুতালে মৰিয়ণীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে…

Leave A Reply

Your email address will not be published.