ক’ৰণাৰ সজাগতাৰ বাবে অভিনৱ ব্যৱস্থা গ্ৰহণ কৰিছে লংডিঙৰ জনসংযোগ বিভাগে

0 278

অৰুণাচল প্ৰদেশৰ লংডিংত ক’ৰণা প্ৰতিৰোধী সজাগতাৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰী ফলকত স্থান পালে  জনজাতীয় পৰম্পৰাগত ঐতিহ্যৰ চানেকি। সোণাৰিত ক’ভিদ ১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে চৰাইদেউ জিলাৰ সীমান্তত থকা অৰুণাচল প্ৰদেশৰ লংডিং জিলাত জনসংযোগ বিভাগে গ্ৰহণ কৰিছে এই পদক্ষেপ।
 
 
উল্লেখ্য যে অসমত কাল সংহাৰী কৰণাই প্ৰতিনিয়ত আক্ৰান্তৰ লেখ সংখ্যা বৃদ্ধি কৰি আহিছে। যাৰ পৰিপ্ৰেক্ষিতত অধিক চিন্তিত হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ জনতা। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ প্ৰশাসনে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী প্ৰদক্ষেপ। ৰাজ্যৰ সহজ-সৰল ব্যক্তিয়েও বুজিব পৰাকৈ অৰুণাচলৰ ৱাংচু জনগোষ্ঠীয় পৰম্পৰাগত সাজপাৰ পৰিহিত ব্যক্তি তথা যুৱক-যুৱতীৰ চিত্ৰ সম্বলিত কিছু কাৰ্টুন প্ৰস্তুত কৰি কৰণাক প্ৰতিহত কৰাৰ বাবে সজাগতা সৃষ্টি কৰিছে।
 
 
পাহাৰীয়া ৱাংচু জনগোষ্ঠীৰ লগতে স্থানীয় লোকসকলে দৈনন্দিন জীৱনৰ কাম-কাজৰ মাজতে কেনেকৈ মাক্স পৰিধান কৰিব পাৰি, সামাজিক দূৰত্ব বজাই ৰখা, সঘনাই হাত ধুওক আদি বাৰ্তাৰে অৰুণাচল প্ৰদেশৰ লংডিং জিলা তথ্য আৰু জনসংযোগ বিভাগে পৰম্পৰাগত ঐতিহ্যৰ জৰিয়তে কাৰ্টুনৰ মাধ্যমেৰে গ্ৰহণ কৰিছে এই পদক্ষেপ।
 
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই..

Leave A Reply

Your email address will not be published.