ক’ৰণা ভাইৰাছৰ সজাগতাকলৈ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কি ক’লে

0 259

ক’ৰণা ভাইৰাছৰ সজাগতাকলৈ আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত সংবাদ মেল সম্বোধন কৰে ।সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়ালৈকে অসমত ক’ৰণা ভাইৰাছত এজনো ব্যক্তি আক্ৰান্ত হোৱা নাই।শৰীৰত এই বেমাৰৰ কোনো লক্ষণ দেখা দিলে শীঘ্ৰে পৰীক্ষা কৰিব লাগে।
 
 
বহুতে এই ৰোগত আক্ৰান্ত হ’লে লুকুৱাই ৰাখে।পৰীক্ষা কৰিব নিবিচাৰে।এনে কৰিব নালাগে।কাৰণ এজনৰ হ’লে পৰিয়ালৰ অন্য সদস্যলৈ এই ৰোগ বিয়পিব পাৰে।এয়া লুকুৱাই ৰখা সময় নহয়, এই মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
 
লগতে মন্ত্ৰীগৰাকীয়ে কয় বাংগালোৰ, কেৰেলা আদিৰ পৰা অহা শিক্ষাৰ্থী, কৰ্মীৰ শৰীৰত কোনো লক্ষণে দেখা দিলে শীঘ্ৰে স্বাস্থ্য পৰীক্ষা কৰিব লাগে বুলি মন্তব্য কৰে।লগতে জনসাধাৰণক
সজাগতা অৱলম্বন কৰাৰ বাবে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.