ক’ৰণা মুক্ত হ’ল চিকিৎসক দীপা ডেকা

0 347

মহামাৰী ক’ৰণা ভাইৰাছৰ সৈতে এখন শক্তিশালী যুদ্ধত নিৰলসভাৱে যুজি অৱশেষত জয়ী হ’ল গুৱাহাটী মহানগৰীৰ আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ দীপা ডেকা। যোৱা শনিবাৰে ক’ৰণা ভাইৰাছক নিজৰ অদম্য শক্তিৰে পৰাস্ত কৰি তোলা ক’ৰণাৰ যোদ্ধা ডাঃ দীপা ডেকাক চিকিৎসালয় কৰ্তৃপক্ষই নিজ গৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰে। ডাঃ দীপাৰ লগতে ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা আন এগৰাকী মহিলা ৰোগীয়েও সুুস্থ হৈ উঠাত যোৱা শনিবাৰে মহিলা গৰাকীকো চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হয়।
 
 
উল্লেখযোগ্য যে ডাঃ দীপা ডেকা ক’ৰণা আক্ৰান্ত ৰোগী সকলৰ  শৰীৰৰ নমুনা সংগ্ৰহৰ দায়িত্বত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিয়োজিত আছিল। তাৰ পিছতে ডাঃ দীপা ডেকাৰ শৰীৰত ক’ৰণা পজিটিভ পাইছিল।
 
ডাঃ দীপা ডেকাক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল,শেহতীয়াকৈ ডাঃ দীপা ডেকাক কৰা স্বাস্থ্যপৰীক্ষা দুটাত ৰিজাল্ট নিগেটিভ পোৱা যায় বুলি প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।উল্লেখযোগ্য যে শনিবাৰে ৰাজ্যত ৰিলিজ দিয়া দুগৰাকী ক’ৰণা ৰোগীৰ সৈতে অসমৰ সৰ্বমুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হৈছে ৫৭ গৰাকী।

Leave A Reply

Your email address will not be published.