কৰাইগুৰি বাসীয়ে আদৰ্শ দেখুৱালে

0 272

যি সময়ত একাংশই গোলকীয় উষ্ঞতা বৃদ্ধিৰ বাবে (চ’চিয়েল মেডিয়া যোগে) বৃক্ষ ৰোপনৰ বাবে সজাগতা সৃষ্টি কৰিছে, তেনে সময়তে মৰিগাঁও জিলাৰ কৰাইগুৰিৰ বাসিন্দা সকলে এক আদৰ্শনীয় পদক্ষেপ গ্ৰহণ কৰিছে। মৰিগাঁও জিলাৰ পৰা প্ৰায় ৮ কি মি নিলগত অৱস্থিত কৰাইগুৰি খেলপথাৰত কৰাইগুৰি বাসীয়ে সংকল্প গ্ৰহণ কৰি ২২৮ টা বিভিন্ন গছৰ পুলি যেনে কৃষ্ঞচূড়া, জালুক, এজাৰ আদি বৃক্ষৰ পুলি ৰোপন কৰিছে। উল্লেখযোগ্য যে অম্বুবাচীৰ নিবৃত্তিৰ দিনা সমূহ গাঁওবাসী মিলিত হৈ এনে কাৰ্য্যসূচী গ্ৰহণ কৰে। এই সম্পৰ্কে সমাজকৰ্মী খগেন চন্দ্ৰ বৰদলৈয়ে Nefocus.com ৰ আগত এনেদৰে ব্যক্ত কৰে- দিনে দিনে হৈ অহা প্ৰকৃতি ধ্বংস যজ্ঞই আমাক ব্যথিত কৰিছিল। যাৰ ফলস্বৰূপে আমি সমূহ গাঁৱবাসী একেলগ হৈ সংকল্প লও যে আমি প্ৰকৃতিক সুৰক্ষা দিম। আৰু গছ নাকাটো। আমি প্ৰত্যেকে নিজৰ নিজৰ বাৰীত লগা আম, কঠাল আৰু গাখীৰ লৈ এখন খেল পথাৰত মিলিত হও। বাঁহেৰে বেৰা বনাই গছপুলি সমূহ সুৰক্ষা দিও আৰু প্ৰতিপালনৰ বাবে সংকল্প লও। উল্লেখযোগ্য যে বৰ্তমান সময়ত গাঁওবাসীয়ে গ্ৰহণ কৰা এই প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.