তিনিটা বিশেষ খবৰ

0 244

নতুন ৰাজ্য গঠনৰ উমৈহতীয়া সংগঠন নেচনেল ফেডাৰেছন ফৰ নিউ ষ্টেট চমুকৈ এন এফ এন এছে আজি মহানগৰীৰৰ হোটেল ব্লু মুনত এক সংবাদমেল আয়োজন কৰে। সংবাদমেল যোগে সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি এচ জি এনিয়ে জানিবলৈ দিয়ে যে শীঘ্ৰে এন এফ এন এছে ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিব। অৱশ্যে কি স্থিতিত সংগঠনটোৱে নিৰ্বাচনত অংশ ল’ব, সেই কথা ২৬ জুলাইতহে সিদ্ধান্ত ল’ব। উল্লেখযোগ্য যে এই সংগঠনটোত সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৃথক ৰাজ্য দাবী কৰা ৯ টা সংগঠন অন্তৰ্ভূক্ত হৈ আছে। ইয়াৰ ভিতৰত অসমৰ বড়ো, কাৰ্বি, গোৰ্খা আদি জনগোষ্ঠীয় সংগঠনসমূহ অন্যতম।


আনহাতে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান চমুকৈ আই আই ইত ট্ৰাইফেডৰ উদ্যোগত এখন মেলা অনুষ্ঠিত হয়। মেলাখনত বিভিন্ন জাতি-জনজাতীয় সাজ-পোছাক আৰু ব্যৱহৃত সা-সামগ্ৰী প্ৰদৰ্শন কৰা হয়। অসমৰ উপৰিও নাগালেণ্ড, মেঘালয়, মণিপুৰ, চিকিমৰ বহুকেইগৰাকী উদ্যোমীয়ে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত ট্ৰাইফেডৰ প্ৰতিভা ব্ৰহ্ম, আই আই ইৰ সঞ্চালক অভিজিত শৰ্মাকে আদি কৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে। 

ইফালে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মুখ্য কাৰ্য্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ সভা কক্ষত আজি পূৱ গুৱাহাটী বিধানসভা সমষ্টিৰ বাৰ্ষিক খতিয়ান দুখন উন্মোচন কৰা হয়। খতিয়ান দুখন উন্মোচন কৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। উন্মোচনী অনুষ্ঠানত ৰাজ্যৰ শিক্ষা, আইন, ন্যায় তথা গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.