কামৰূপ একাডেমী প্ৰাক্তন ছাত্র সন্মিলনে অহা ১১জুলাইৰ পৰা ১৪ জুলাই ২০২৩ লৈকে কামৰূপ একাডেমী উ:মা: বিদ্যালয়ৰ উদ্যোগত বিহু নাচ,লঘূ শাস্ত্ৰীয় নৃত্যকলা আৰু উচ্চাৰণ আৰু কথন শৈলীৰ কৰ্মশালাৰ আয়োজন কৰিছে।এই কৰ্মশালা কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পূৱা ১০-৩০বজাৰ পৰা দিনৰ ১-০০বজালৈ অনুষ্ঠিত হব। কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কাবেৰী বৰা আৰু কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্র সন্মিলনৰ সভাপতি বলেন্দ্ৰ ভৰালী আৰু সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকে এক যুটীয়া বিবৃতিযোগে জনাই যে -এই কৰ্মশালাত সপ্তম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্র -ছাত্রীয়ে অংশ গ্ৰহণ কৰিব পাৰিব। কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশ গ্রহন কৰিব বিহু বিশেষজ্ঞ অৰুণ জ্যোতি শইকীয়া, নৃত্য বিশাৰদ আয়োশী শৰ্মা আৰু কৃতী শিক্ষয়ত্ৰীৰ বটাঁ প্ৰাপক প্ৰণীতা শৰ্মা বৰদলৈয়ে।কৰ্মশালাত অংশ গ্রহণ কৰিবলৈ বিচৰা ইচ্ছুক ছাত্র-ছাত্ৰী সকলক বিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয় অথবা বিৰাজ শৰ্মাক ৮৬৩৮৯০৫৯৮৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ