ৰাজ্য চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডত আজি দিনজোৰা কাৰ্যসূচীৰে গান্ধী জয়ন্তী উদযাপন কৰা হয় । এই উপলক্ষে চানমাৰিস্থিত ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে গান্ধীজীৰ প্ৰতিমূৰ্তিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মাল্যাৰ্পণ কৰাৰ লগতে জাতিৰ পিতালৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে । অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হস্ত তাঁত আৰু বস্ত্র ইত্যাদি বিভাগৰ মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মহামানৱ মহাত্মা গান্ধীৰ অতুলনীয় জীৱন দৰ্শনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । তেওঁ ভাষণ প্ৰসংগত কয় যে গান্ধীজীৰ আদৰ্শ আৰু চিন্তা আগত লৈ নৱভাৰতৰ প্ৰতিগৰাকী নাগৰিকে আগবাঢি যোৱা উচিত । মহাত্মা গান্ধী অকল স্বাধীনতা সংগ্ৰামৰ নেতাই নাছিল,তেওঁ যথাৰ্থতে আছিল দেশ আৰু সমাজৰ সকলোৰে বাবে হিত চিন্তা কৰা এগৰাকী প্ৰকৃত মানৱতাবাদী, মহান দাৰ্শনিক। আজিৰ অনুষ্ঠানত খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ড° কমলা কলিতা,উপাধ্যক্ষ হৰেণ দেউৰী ,হস্ত তাঁত আৰু ৰেচম বিভাগৰ সচিব দিলীপ কুমাৰ বৰা ,খাদী ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া বুবুল লেখাৰু ,ৰেচম বিভাগৰ সঞ্চালক কাজৰী ৰাজখোৱাসহ বিভাগ আৰু ব’ৰ্ডৰ অন্যান্য বিষয়া- কৰ্মচাৰী উপস্থিত থাকে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত