কৰ ফাঁকিৰে ৰাজপথত গাড়ী চলাই থকা মালিক, উদ্যোগ- প্ৰতিষ্ঠানৰ বিৰুদ্ধে আজি মহানগৰীৰ খানাপাৰা, হাতীগাও আৰু সিজুবাৰীৰ বৃহৎ অঞ্চলত ব্যাপক তালাচী অভিযান চলায় পৰিবহণ বিভাগে। সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ কঠোৰ তত্বাবধানত বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে চলোৱা পানী নসৰকা তালাচী আৰু কৰ সংগ্ৰহ অভিযানত থৰকাছুটি হেৰুওৱা ব্যক্তিগত মালিকানাধীন বাহনৰ লগতে বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠানৰ পৰা বিগত সময়ত ২০ কোটিতকৈ অধিক বকেয়া কৰ সংগ্ৰহ কৰাৰ পিছত অধিক কঠোৰ হৈ অভিযানত নামিছে মহানগৰ পৰিবহণ বিভাগৰ অভিযানকাৰী দল ৷ উল্লেখ্য যে, ২৩ ফেব্ৰুৱাৰীত এমভিআই কানাই মহন্ত, এনফৰ্চমেন্ট মৰমী পাঠক আৰু জেষ্ঠ সহায়ক জোনালী পাটোৱাৰীৰ উপস্থিতিত অভিযানকাৰী দলে চলোৱা অভিযানত ৪০খনৰো অধিক বিলাসী বাহনে দহ বছৰৰ কৰ পৰিশোধ নকৰাকৈ বিনাদ্বিধাই গাড়ী চলাই থকাৰ কথা ধৰা পৰাত বাহনৰ মালিক-কতৃপক্ষক ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰেই কৰ পৰিশোধৰ আহ্বান জনোৱাৰ লগতে এইক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া সাৱধানতা সন্দৰ্ভতো সকিয়াই দিয়ে ৷ মহানগৰীৰ বৃহৎ অঞ্চলটোত অভিযানকাৰী দলে পৃথকে পৃথকে চলোৱা অতৰ্কিত অভিযানত বিভিন্ন বাহনে বীমা নোহোৱাকৈ যানবাহন চলাই থকাৰ গুৰুত্বৰ তথ্য ধৰা পৰাৰ লগতে বহু বাহনৰ প্ৰদূষণমুক্ত প্ৰমাণপত্ৰ নথকা আৰু বহু চালকৰ অনুজ্ঞাপত্ৰ নবিকৰন নকৰাৰ বিসঙ্গতি ধৰা পৰাত ই-চালান প্ৰেৰণ কৰাৰ লগতে জৰিমনা আদায় কৰা হয়। ইফালে ব্যক্তিগত বাহনৰ লগতে বিভিন্ন নিৰ্মাণকাৰী সংস্থা, ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠানৰ দুৱাৰে দুৱাৰে বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দল উপস্থিত হৈ শীঘ্ৰে অনাদায়ী কৰ আদায়ৰ বাবে আহ্বান জনাই ৫০ খনকৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰে। উল্লেখ্য যে, কৰ সংগ্ৰহৰ সমান্তৰালভাৱে বিভাগৰ উদ্যোগত আজিও অব্যাহত থাকে সজাগতা অভিযান।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন