বিশিষ্ট লেখক,সাহিত্যিক, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী আজি তেওঁৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত বাসগৃহত উন্মোচন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীয়ে । আনহাতে সাহিত্যিক চন্দন কলিতাই আঁত ধৰা অনুষ্ঠানটোত চমু ভাষণত ডঃ অৱনী কুমাৰ ভাগৱতীয়ে পৰীক্ষিত হালৈৰ সাহিত্য প্ৰতিভাৰ উচ্চ প্ৰশংসা কৰি অৱসৰৰ পাছতো তেঁও সময়ৰ সদ্বব্যৱহাৰ কৰি সাহিত্য চৰ্চাত ব্ৰতী হৈ থকা বিষয়টোৰ শলাগ লয়।অনুষ্ঠানত ডঃ দিলীপ কুমাৰ কলিতা ,ডঃ প্ৰদীপ কলিতা ,প্ৰশান্ত গোশ্বামী , মহেশ্বৰ লহকৰকে ধৰি কেবাজনেও চমু ভাষণত গ্ৰন্থখনে পাঠক ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত লেখক পৰীক্ষিত হালৈয়ে চমু ভাষণত ভিন্নসুৰী প্ৰবন্ধ গ্ৰন্থখনৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে পূৰ্বতে তেওঁৰ প্ৰকাশ পোৱা অন্য তিনিখন গ্ৰন্থৰ বিষয়েও উল্লেখ কৰে। অনুষ্ঠানত সাহিত্য ক্ষেত্ৰৰ লগত জড়িত কেবাজনো বিশিষ্ট ব্যক্তি আৰু পৰীক্ষিত হালৈৰ পৰিয়ালৰ সদস্য সকল উপস্থিত থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ