গঠন হ’ল মহিলা সাংবাদিকৰ মঞ্চ অসম মহিলা সাংবাদিক ফ’ৰাম

0 167

অসমৰ মহিলা সাংবাদিকসকলক সংঘবদ্ধ কৰাৰ উদ্দেশ্যে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গঠন কৰা হয় মহিলা সাংবাদিকৰ এখন মঞ্চ। অসম মহিলা সাংবাদিক মঞ্চ নামেৰে আত্মপ্ৰকাশ কৰা এই মঞ্চ গঠনৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জ্যেষ্ঠ -কণিষ্ঠ মহিলা সাংবাদিকসকল একত্ৰিত হৈ নিজৰ মতামত ব্যক্ত কৰে। বৈঠকৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত বলাৎকাৰ আৰু হত্যাৰ বলি হোৱা কলকাতাৰ চিকিৎসকগৰাকীৰ স্মৰণত এক মিনিট মৌনতা অৱলম্বন কৰা হয়।

বৈঠকত অংশগ্ৰহণ কৰা কেইবাগৰাকীও সাংবাদিকে নিজ নিজ কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা অভিজ্ঞতা আৰু প্ৰত্যাহ্বানৰ বিষয়ে মত ব্যক্ত কৰি বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায়।

বৈঠকত মহিলা সাংবাদিকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা আদি সম্পৰ্কে আলোচনা কৰা হয় আৰু সকলো মহিলা সাংবাদিকৰ মাজত সম্পৰ্ক স্থাপন, যোগাযোগ গঢ়া তথা সমাজ আৰু পেছা সম্পৰ্কে আহৰণ কৰা অভিজ্ঞতা আৰু মতামত তথা তথ্যৰ আদান-প্ৰদান কৰাৰ উদ্দেশ্য এক মঞ্চ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

কৰ্মশালা, আলোচনা চক্ৰ আৰু ফেলোশ্বিপ তথা অভিজ্ঞতাবৰ্ধক ভ্ৰমণ আদিৰ দৰে বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ জৰিয়তে মহিলা সাংবাদিকৰ দক্ষতা বৃদ্ধিৰ বাবে কাম কৰাৰ প্ৰতি দায়বদ্ধ হ’ব এই মঞ্চ। কৰ্মৰত অৱস্থাত বিশেষকৈ নৈশ কৰ্তব্যৰ দায়িত্বত থকা সাংবাদিকসকলৰ নিৰাপত্তাৰ নিশ্চিতিৰ লগতে কৰ্মক্ষেত্ৰত যাতে কোনো সাংবাদিক লিংগ বৈষম্যৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰাৰ ক্ষেত্ৰত এই মঞ্চ যত্নপৰ হ’ব।
মহিলা সাংবাদিকৰ এই মঞ্চৰ এখন কমিটি আজিৰ সভাত সৰ্বসন্মতিক্ৰমে গঠন কৰা হয়।পি টি আইৰ ব্যুৰ’ চীফ দূৰ্বা ঘোষক সভাপতি হিচাপে লৈ গঠিত কমিটীৰ আন সদস্যসকল হৈছে – উপ-সভাপতি: চেমিম চুলতানা আহমেদ (দৈনিক অগ্ৰদূত), আফ্ৰিদা হুছেইন (এনই নিউজ); সম্পাদক: নাছৰীণ হাবিব ( দ্যা আসাম ট্ৰিবিউন); যুটীয়া সম্পাদক: মৃদুস্মিতা ভূঞা (ডি ৱাই৩৬৫), অৰুণিমা কলিতা মেধি (অসমীয়া খবৰ), কোষাধ্যক্ষ: বিদিশা সিংহ (দ্যা আসাম ট্ৰিবিউন), সাংগঠনিক সম্পাদক: তৰা আগৰৱালা(মুক্ত সাংবাদিক), অঞ্জুমণি বৰদলৈ (প্ৰতিদিন টাইম), প্ৰচাৰ সম্পাদক: মণিষা কলিতা (দেশ টুডে), চন্দ্ৰানী সিনহা(মুক্ত), কাৰ্যবাহী সদস্য: কৰিস্মা হাছনত(দ্যা প্ৰিণ্ট), বৰষা দাস(মুক্ত), মিতালী কোঁৱৰ (প্ৰতিদিন টাইম), পল্লবী শইকীয়া( দ্য ছেণ্টিনেল), গৰিমা শৰ্মা(টাইম৮), নিভাৰাণী ৰায়(মুক্ত), গীতাশ্ৰী তালুকদাৰ (নিউজ ১৮)। কমিটিৰ উপদেষ্টা হিচাপে আছে জ্যেষ্ঠ সাংবাদিক মাইনী মহন্ত, অনুৰাধা শৰ্মা পূজাৰী, এনাক্ষী শইকীয়া বৰুৱা, সবিতা লহকৰ, ইন্দ্ৰানী ৰায়মেধি, ৰত্না ভৰালী তালুকদাৰ, মুবীনা আখতাৰ, মনালিছা শৰ্মা, জাহ্নৱী খাউণ্ড, স্বপ্না বেজবৰুৱা আৰু অলকা বৰুৱা।

এই মঞ্চত অন্তৰ্ভুক্ত নোহোৱা অসমৰ সকলো মহিলা সাংবাদিকলৈ মঞ্চৰ সৈতে জড়িত হোৱাৰ বাবে আগবাঢ়ি আহিবলৈ তথা সমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ অংশীদাৰ হ’বলৈ লগতে আজিৰ সভাই আহ্বান জনায়।

Leave A Reply

Your email address will not be published.