গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চেন্টাৰ ফৰ লিগেল ষ্টাডিজৰ উদ্যোগত ১৩ এপ্ৰিলত ‘লেক্স ইম্পেৰিয়াম মুট কোর্ট’ প্রতিযোগিতাৰ আয়োজন কৰা হয়।দিছপুৰ আইন মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত অসম আৰু মেঘালয়ৰপৰা মুঠ ১৮টা দলে নিজৰ আইন পাঠ্যক্ৰমৰ আৰু যুক্তিৰ দক্ষতা প্রদর্শন কৰে। প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ছৰফৰাজ নৱাজ, কিশোৰ কলিতা আৰু এ এছ তপাদাৰ উপস্থিত থাকে। আনহাতে অনুষ্ঠানটো উদ্ধোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় ছুৰানাই । অনুষ্ঠানত সম্মানীয় অতিথি হিচাপে ভাগ লৈ ন্যায়াধীশ ছুৰানাই অধিবক্তা হিচাপে অধ্যয়ন আৰু বাস্তৱ জগতৰ আইনী প্রত্যাহ্বানৰ বাবে ছাত্র-ছাত্রীক প্ৰস্তুত কৰাত ‘মুট কোর্ট’ প্রতিযোগিতাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটীৰ সভাপতি যশোদাৰঞ্জন দাসে । ইয়াৰ উপৰিও গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচার্য অধ্যাপক জয়ন্ত ডেকাই জ্ঞান বৃদ্ধিৰ প্রতি শৈক্ষিক দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰে। তদুপৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক কন্দর্প দাসে আইনী প্রতিভাক আগুৱাই লৈ যোৱাত শিক্ষার্থীৰ ভূমিকাৰ কথা উল্লেখ কৰে। অনুষ্ঠানত বহু সংখ্যক ছাত্ৰ – ছাত্ৰী উপস্থিত থাকে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ