গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পি এম এছ এইচ আৰ ই বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ বাবে আয়োজিত তিনিদিনীয়া ‘ইন’ভেশ্যন ডিজাইন এণ্ড এণ্ট্ৰপ্ৰিনিউৰশ্বিপ’ বুটকেম্পৰ আজি সামৰণি পৰে । অসমৰ শিক্ষা খণ্ডৰ বাবে এই বুটকেম্প এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হয় । অসমৰ বিভিন্ন প্ৰান্তৰ ১৯০ জনতকৈও অধিক নিষ্ঠাবান শিক্ষক আৰু অধ্যক্ষই এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ক কাৰ্যকৰী কৰি শিক্ষাৰ্থীৰ মাজত মুখস্থ বিদ্যাৰ পৰিৱৰ্তে কৌতুহল আৰু সৃষ্টিশীল সমস্যা সমাধানৰ সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যৰে এই বুটকেম্পৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটো স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ, শিক্ষা মন্ত্ৰালয়ৰ ইন’ভেশ্যন চেল আৰু এন চি ই আৰ টিৰ যুটীয়া প্ৰচেষ্টাত তথা ওৱাধৱানী ফাউণ্ডেচনৰ সহযোগত আয়োজন কৰা হয়। চৰকাৰ, শিক্ষানুষ্ঠান আৰু উদ্যোগ খণ্ডৰ এই সহযোগিতাৰে আৰম্ভ হোৱা এই বুটকেম্পে দেশজুৰি ৯,০০০-ৰো অধিক অংশগ্ৰহণকাৰীক সামৰি এক স্থায়ী শৈক্ষিক পৰিৱৰ্তন অনাৰ লক্ষ্য ৰাখিছে। গুৱাহাটীৰ এই আঞ্চলিক শাখাৰ নেতৃত্ব দিয়ে শিক্ষা মন্ত্ৰালয়ৰ ইন’ভেশ্যন চেলৰ ন’ডেল চেন্টাৰ হেড নন্দজিৎ ৰাভা আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজীৰ ডিন ড° এছ. ৰবাৰ্ট ৰবিয়ে। ১৭ ডিচেম্বৰত অনুষ্ঠিত ৰাজ্যিক উদ্বোধনীত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা সংসদৰ সচিব নৰনাৰায়ণ নাথ আৰু শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি যশোদা ৰঞ্জন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকে। বুটকেম্পৰ অন্তিম দিনটোৰ বিষয়বস্তু আছিল “Launch Sprint: Build, Test, Fund & Grow Your Idea,” য’ত উদ্ভাৱনীমূলক ধাৰণাসমূহক কেনেকৈ বাস্তৱত ৰূপায়ণ কৰিব পাৰি সেই বিষয়ে গুৰুত্ব দিয়া হয়। অংশগ্ৰহণকাৰীসকলে ‘বিজিনেছ মডেল কেনভাছ’ আৰু বিত্তীয় সাক্ষৰতাৰ ব্যৱহাৰিক প্ৰশিক্ষণ লাভ কৰে। লগতে, শিক্ষাৰ্থীৰ ষ্টাৰ্ট-আপৰ বাবে উপলব্ধ অনুদান আৰু পুঁজিৰ বিষয়েও আলোচনা কৰা হয়। ওৱাধৱানী ফাউণ্ডেচনৰ বিশেষজ্ঞ বক্তা শ্ৰীবৎসন আৰু ড০° ভাৱনা বৰদিয়াই এই অনুষ্ঠানসমূহ পৰিচালনা কৰে । সামৰণি অনুষ্ঠানত শিক্ষকসকলে লাভ কৰা জ্ঞান আৰু আত্মবিশ্বাসেৰে ভৱিষ্যতৰ প্ৰত্যাহ্বান নেওচিব পৰা এক দক্ষ নৱপ্ৰজন্ম গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে।
Trending
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ
- মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাম-মন্দিৰত বিৰ-দি-বাট নোপোৱা পৰিৱেশ -নৱবর্ষক আদৰিবলৈ উদগ্ৰীৱ অধিকাংশ ভক্তপ্ৰাণ ৰাইজ