গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উদযাপন

0 325

লক ডাউনৰ মাজতে আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস অনুষ্টুপী‌য়াকৈ উদযাপন হ’ল সোণাৰিত। সোণাৰি একাংশ সমাজ সচেতন ব্যক্তিয়ে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি স্মৃতি দিৱস উদযাপন কৰে।
 
 
যুৱ সমাজকৰ্মী কমলজ্যোতি হাজৰিকাৰ আহ্বান মৰ্মে সমাধিস্থলীত উপস্থিত হৈ অসমীয়া সাহিত্য সন্মিলনীৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ডিম্বেশ্বৰ কোঁৱৰ, শিক্ষক তথা সাংস্কৃতিক কৰ্মী মণি গগৈ, সাংবাদিক মৃত্যুঞ্জয় দাস, ৰফিক আহমেদ, ৰেডক্ৰছ কৰ্মী স্বপন কৰৰ লগতে বহুকেইগৰাকী সচেতন যুৱকে গীতিকবিলৈ শ্ৰদ্ধা জনায় । উল্লেখ্য যে ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌপাৰত জন্মগ্ৰহণ কৰা এইজনা স্বনামধন্য ব্যক্তি অসমীয়া গীতি কাব্য সাহিত্যৰ অতি চিনাকি নাম। চৰাইদেউ জিলাৰ সদৰ সোণাৰি বুলি কলেই মনলৈ আহে সোণালী পামৰ কথা । সোণালী পামৰ নিগাজি ঘৰত বহিয়েই বহু গীত আৰু কবিতা ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি গৈছে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই।
 
তাৎপৰ্যপূৰ্ণ কথা এয়াই যে ১৯৬৪ চনৰ ৭ জুনত সোণাৰিৰ সোণালীপামত দেহাৱসান ঘটা অসমীয়া গীতিকাব্য-সাহিত্যৰ অন্যতম স্ৰষ্টা এইগৰাকী ব্যক্তিক যেন আজি পাহৰিলে সকলোৱে। গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ বাসস্থানত তেখেতে ব্যৱহাৰ কৰা বহু সামগ্ৰী আজিও সজায় ৰখা হৈছে যদিও তেখেতৰ সমাধিস্থল নাইবা সোণাৰি নগৰস্থিত আৱক্ষ মূৰ্ত্তিটো অৱহেলিত হৈ পৰি ৰৈছে। কেৱল জন্ম নাইবা মৃত্যু দিনটোত সমাধিস্থল আৰু আৱক্ষ মূৰ্তিৰ কাষৰ হাবি-জংঘল কাটি বন্তি প্ৰজ্বলন কৰিয়েই দায়িত্ব সামৰিছে সকলোৱে। মন কৰিব লগীয়া যে জীৱনৰ বেছিভাগ সময় অতিবাহিত কৰা সোণাৰিৰ বহুলোকে নাজানে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ বিষয়ে। চতুৰ্থখন অসমীয়া বোলছবি “ৰূপহী” যে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই নিৰ্মাণ কৰিছিল সেই কথা নাজানে আজিৰ প্ৰজন্মই। গীতিকবিৰ অনুপম সৃষ্টি “জোনাকী মেলৰ তাৎপৰ্য নুবুজে বহুতেই। পাহৰণিৰ গৰ্ভত এতিয়া জোনাকী মেল।
 
গীত কবিতা নাটকৰ যোগেদি অসমীয়া সাহিত্য – সাংস্কৃতিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই যোৱা এইগৰাকী ব্যক্তিক যেন আজি পাহৰি পেলাইছে সকলোৱে। শেহতীয়াকৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি যুগমীয়া কৰিবলৈ এটা বিশেষ আঁচনি গ্ৰহণ কৰা বুলি ঘোষণা কৰাত আশাৰ সঞ্চাৰ সৃষ্টি হৈছে জিলাখনত।
খবৰ যুগুতালে চৰাইদেউৰ পৰা অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.