গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা তথা পৰম্পৰাগত খেল-ধেমালিক লৈ ক্ৰীড়া সমাৰোহ

0 242

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চহকী পৰম্পৰাগত ক্ৰীড়া সম্পদক জনগণৰ মাজত অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে গুৱাহাটীত আয়োজিত হয় উষা প্লে উত্তৰ-পূৱ পৰম্পৰাগত ক্ৰীড়া মহোৎসৱ-২০২৪” শীৰ্ষক এক ক্ৰীড়া সমাৰোহৰ। নীডছৰ উদ্যোগত,ক্ৰীড়া ভাৰতীৰ সহযোগত তথা উষা প্লেৰ পৃষ্ঠপোষকতাত গুৱাহাটীৰ বেলতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হোৱা ২৯ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ আয়োজিত এই বিশেষ ক্ৰীড়া মহোৎসৱত কেইবাবিধো থলুৱা তথা পৰম্পৰাগত খেল-ধেমালিৰ প্ৰদৰ্শন কৰা হয়।ঢোপ,কেটেপা, ১৬ গুটি, ৰছী টনা, বাঘ-গৰু আদিৰ দৰে প্ৰায় বিলুপ্তি ঘটিবলৈ লোৱা থলুৱা খেল-ধেমালিসমূহ প্ৰদৰ্শিত হয়।সমাৰোহত কাৰ্বি আংলং, নগাঁও আদিৰ লগতে উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ পৰা অহা থলুৱা তথা পৰম্পৰাগত খেল-ধেমালিৰে জড়িত খেলুৱৈ আৰু সংগঠকসকলৰ অংশগ্ৰহণ কৰিছিল।সমাৰোহত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন থলুৱা তথা পৰম্পৰাগত খেল-ধেমালিৰ প্ৰদৰ্শনৰ লগতে কেবাবিধো থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । সমাৰোহত পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতি জনগণৰ উৎসাহ আশাপ্ৰদ আছিল বুলি উল্লেখ কৰিছে ক্ৰীড়া ভাৰতীৰ গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক চিৰঞ্জীৱ শৰ্মাই। এই খেল-ধেমালিসমূহত তিনিওটা দিনতে স্থানীয় কন কন ছাত্ৰ-ছাত্ৰীসকলে প্ৰান ভৰি ভাগ লোৱা পৰিলক্ষিত হয়।ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ভালেসংখ্যক অভিভাৱকো খেল-ধেমালিত অংশ লোৱা পৰিলক্ষিত হয় ।

উল্লেখ্যযোগ্য যে, সৰ্ব্বভাৰতীয় ক্ৰীড়া সংগঠন ক্ৰীড়া ভাৰতীৰ সহযোগত বিগত কেবা বছৰ ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা আৰু পৰম্পৰাগত খেল-ধেমালিসমূহৰ সংৰক্ষণ, প্ৰসাৰ, প্ৰচাৰ আৰু গৱেষণাৰ কাম চলি আছে। এই সন্দৰ্ভত ইতিমধ্যেই গুৱাহাটীৰ ৰাজগড় অঞ্চলত স্থাপন কৰা হৈছে অঞ্চলটোৰ থলুৱা তথা পৰম্পৰাগত খেল-ধেমালি বিষয়ক সা-সামগ্ৰীৰ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে এটা সংগ্ৰাহলয়।তদুপৰি এই খেল-ধেমালি সমূহ ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰচেষ্টাও অব্যাহত আছে। এই প্ৰয়াসৰ অংশ হিচাপেই নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত উত্তৰ-পূব সাংস্কৃতিক মহোৎসৱত অঞ্চলটোৰ থলুৱা, পৰম্পৰাগত খেল-ধেমালিৰ এক প্ৰৰ্দশনীৰো আয়োজন কৰা হৈছিল বুলি ক্ৰীড়া ভাৰতীৰ গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক চিৰঞ্জীৱ শৰ্মাই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.