গুৱাহাটীত প্ৰথম উত্তৰ-পূৱ পেৰা স্পৰ্টচ মীট উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 46

গুৱাহাটীত আজিৰে পৰা আৰম্ভ হোৱা প্ৰথম উত্তৰ-পূৱ পেৰা স্পৰ্টচ মীট উদ্বোধন কৰে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ।ভাৰতীয় পেৰালিম্পিক সমিতিৰ অধীনত অসম পেৰালিম্পিক সন্থাৰ সহযোগত যাদৱ চন্দ্ৰ ভুঞা মেমৰিয়েল ট্ৰাষ্ট, উদয়াচলৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হোৱা পেৰা স্পৰ্টচ মীটৰ উদ্বোধনী অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৱৰ বিশেষ ভাৱে সক্ষম খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ প্ৰদানৰ ব্যৱস্থাৰে পেৰা স্পৰ্টচ মীট অনুষ্ঠিত কৰা বাবে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে ।বিগত পেৰা অলিম্পিকত ভাৰতে অভিলেখসংখ্যক ২৯ টা মেডেল লাভ কৰা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে আজি উত্তৰ-পূৱৰ ৬ খন ৰাজ্যৰ পৰা অংশ গ্ৰহণ কৰা ৪৪৭ গৰাকী খেলুৱৈয়েও ভৱিষ্যতে দেশক প্ৰতিনিধিত্ব কৰি আমাৰ সকলোকে গৌৰাৱাম্বিত কৰি তুলিব। শাৰীৰিক প্ৰতিবন্ধকতাৰ হেঙাৰ আঁতৰাই নিজ নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰি উত্তৰ-পূৱ পেৰা স্পৰ্টচ মীটত অংশগ্ৰহণ কৰিবলৈ ওলাই অহা খেলুৱৈসকলে প্ৰথম উত্তৰ-পূৱ পেৰা স্পৰ্টচ মীটক এখন প্ৰতিযোগিতাৰ পৰা উৰ্দ্ধলৈ লৈ ইয়াক খেলুৱৈসকলৰ সাহসিকতাৰ এক দস্তাবেজলৈ ৰূপান্তৰিত কৰা বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই আয়োজক সমিতিৰ সভাপতি ৰিণিকি ভুঞা শৰ্মাকে ধৰি সকলোকে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী হিচাপে ধন্যবাদ জ্ঞাপন কৰে।

ভাষণ প্ৰসংগত অসমৰ ক্ৰীড়াৰ আন্তঃগাঁথনিৰ উন্নয়নৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে বিগত সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ ক্ৰীড়াৰ আন্তঃগাঁথনিয়ে দ্ৰুত উন্নয়নৰ মুখ দেখিছে। প্ৰতিখন জিলাতে ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণৰ ব্যৱস্থা লোৱা বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ দিনত ৰাজ্যখনত প্ৰায় ৫০ খন এনে ষ্টেডিয়াম নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে সকলো খেলুৱৈকে নিজ নিজ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ নিয়মিত চৰ্চা কৰিবলৈ আহ্বান জনায়। ইয়াৰ পাছত মন্ত্ৰী হাজৰীকাই আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্জ্বলন কৰি প্ৰথম উত্তৰ-পূৱ পেৰা স্পৰ্টচ মীট মুকলি কৰে। আজিৰ অনুষ্ঠানত প্ৰথম উত্তৰ-পূৱ পেৰা স্পৰ্টচ মীটৰ আয়োজক সমিতিৰ সভাপতি ৰিণিকি ভুঞা শৰ্মা, ভাৰতীয় পেৰালিম্পিক সমিতিৰ সচিব প্ৰধান জয়াৱান্তা গোন্দু হামানাৱাৰ, জ্যেষ্ঠ সাংবাদিক জাৰিৰ হুছেইন, ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সচিব আৰু সঞ্চালককে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.