বিশ্বত শেহতীয়াকৈ ব্যাৱসায়ৰ ক্ষেত্ৰত কাৰিকৰী আহিঁলাৰ প্ৰয়োগ তথা ইয়াৰ বিষয়ে জ্ঞাণ গুৰুত্বপূৰ্ণ হৈ উঠিছে৷ ব্যৱসায়িক ভিত্তি সম্প্ৰতি বৈদ্যাতুনিক হৈ পৰাত বাণিজ্যিক শাখাত স্নাতক শিক্ষাথৰ সকলোৰ বাবে ই এক গুৰুত্বপূৰ্ণ বিষয় হৈ উঠিছে৷ শিক্ষাৰ্থী সকলে কাৰিকৰী (Technology) দিশৰ ওপৰত বাণিজ্যিক শিক্ষাৰ পাঠ্যক্ৰম নিৰ্বাচন কৰিলে সফলতা লাভ কৰিব- আজি বাণিজ্যিক শিক্ষাৰ ওপৰত অনুষ্ঠিত শিক্ষা সমাৰোহত এইদৰে উল্লেখ কৰে আই আই এম কলিকতাৰ অধ্যাপক ডঃ জয়ৰাজ নায়াৰে৷ উল্লেখ্য যে বাণিজ্যিক শিক্ষাৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূবৰ যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ বাবে প্ৰয়াস অক্ষুন্ন ৰাখি ৰাজ্যৰ অন্যতম ‘কেৰিয়াৰ কাউন্সিলিং গাষ্ঠেী প্ৰিমিয়াৰ ইডুই’ বিগত বৰ্ষবাৰেৰ দৰে এইবেলিও আজি গুৱাহাটীত অনুষ্ঠিত কৰে বাণিজ্যিক শিক্ষা সমাৰোহ৷ ’টিকট টু এম বিএ’ নামৰ উক্ত অনুষ্ঠানত অসম তথা উত্তৰ পূৱৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে আই আই এম কলকাতাৰ অধ্যাপক ডঃ জয়ৰাজ নায়াৰ, লণ্ডনৰ বুৰ্ণেল বিশ্ববিদ্যালয়ৰ মনোবৈজ্ঞানিক পৰামৰ্শদাতা লয়া আগৰৱাল, এ এল চি ইৰ প্ৰশিক্ষক তথা অধ্যাপক শংকল মূৰুলীধৰণে৷ শিক্ষা সমাৰোহত ভাগলৈ বুৰ্ণেল বিশ্ববিদ্যালয়ৰ অধ্যাপিকা লয়া আগৰৱালে কয় যে- ‘ক’ভিড পৰিস্থিতিয়ে শিক্ষাৰ্থীৰ মানসিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে৷ ক’ভিডৰ বাবে পাৰিবাৰিক সমস্যা, হীনমান্যতা, হিংসা, যৌন নিৰ্যাতন আদি কাৰকে দেখা দিছে৷ নিজ মানসিকতাক শক্তিশালী কৰি এই কঠিন সময়ক চেৰ পেলালেই সফলতা নৱ প্ৰজন্মৰ হাতৰ মুঠিত৷ নতুন প্ৰজন্ম বহুতেই নিজৰ কেৰিয়াৰ নিৰ্বাচনত দোমোজাত পৰে। সেয়ে শিক্ষাৰ্থীসকলে মনোবিজ্ঞানী পৰামৰ্শ লৈ মনোবিজ্ঞানৰ পৰীক্ষাত বহিলে এই দোমোজা দূৰ হ’ব আৰু কেৰিয়াৰ নিৰ্বাচনত সুবিধা হ’ব।’ উল্লেখ্য যে উক্ত কেৰিয়াৰ মেলাত ইআইআই এল এম, পাৰুল বিশ্ববিদ্যালয়, আই এছ এম এচ, ইনডাছ বিজনেছ স্কুল আই আই ই বি এম, ৱেলিংকাৰ, ইনষ্টিটিউট অৱ মেনেজমেণ্ট, এটলাছ স্কিলটেক বিশ্ববিদ্যালয়, এছিয়ান বিজনেছ স্কুল, এ বি বি এছ, লেক্সিকন মাইল, আচাৰ্য ইনষ্টিটিউট, এছ আৰ এম, য়াংপ’ এক্সকিউটিভ ইডুকেছন, বি আই বি এছ, সাৰদা বিশ্ববিদ্যালয়, এই আই টি, ইউ পি ই এছ, অভাৰচিছ এম বি এ আদি দেশ-বিদেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানে এই মহামেলাত ভাগ লয় ৷ উক্ত মেলাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ তিনি শতাধিক শিক্ষাৰ্থীয়ে সম্পূৰ্ণ ক’ভিড বিধি অৱলম্বনকৰি অংশলৈ কেৰিয়াৰ গঢ়াৰ নতুন বাটৰ আদিপাঠ গ্ৰহণ কৰে৷
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি