গুৱাহাটীত সাংবাদিকৰে মননশীল আলোচনাত অৰ্গেনাইজাৰ” পত্ৰিকাৰ মুখ্য সম্পাদক প্ৰফুল্ল কেতকাৰ

0 76

ধৰ্ম, প্ৰাচীন ভাৰতবৰ্ষত ভৌগোলিক সীমা বিভাজনৰ উৎস কেতিয়াও নাছিল।ব্ৰিটিছ আমোলত তথা পিছৰ পৰ্যায়ত দেশ বিভাজনৰ সময়ত হে এইধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয় । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন স্থানত দেখা পোৱা ভাষা ভিত্তিক জাতীয়তাবাদৰ সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীত এক গুৰুত্বপূৰ্ণ বিশ্লেষণ আগবঢ়াই দেশৰ এজন আগশাৰীৰ সাংবাদিক তথা “অৰ্গেনাইজাৰ” পত্ৰিকাৰ মুখ্য সম্পাদক মাননীয় প্ৰফুল্ল কেতকাৰে।

বৃহত্তৰ ভাৰতীয় বোধক দুৰ্বল কৰাৰ বাবেই ভাষা আৰু ধৰ্মৰ ভিত্তিত বিভাজনৰ বীজ ৰোপনৰ প্ৰক্ৰিয়া দেশত সিঁচা হ’ল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় বিশিষ্ট নিবন্ধকাৰ-সাংবাদিকজনে । গুৱাহাটীৰ কেশৱধামত সাংবাদিকৰ সৈতে অন্তৰংগ আলাপত মিলিত হৈ জেষ্ঠ সাংবাদিকগৰাকীয়ে সাম্প্ৰতিক সময়ৰ কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মতামত আগবঢ়ায়।বৰ্তমানৰ পৰিস্থিতিত সাংবাদিক সকলে লিখনি তথা শব্দ বা ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা তেখেতে উল্লেখ কৰে।ভাৰতীয় পৰিচয়ক প্ৰত্যাহ্বান জনোৱা বিচাৰধাৰা বিয়পোৱাত সাংবাদিকসকলো যাতে পৰোক্ষভাৱে ব্যৱহৃত নহয় তাৰ প্ৰতি সচেষ্ট হ’বলৈ তেখেতে সাংবাদিক সমাজৰ প্ৰতি আহ্বান জনায় ।
ইছলামফোবিয়া” আদিৰ দৰে শব্দ নব্য-পুজিবাদৰ সৃষ্টি বুলি উল্লেখ কৰি ইছলামক সমালোচনা কৰাৰ পৰা বিৰত থকা তথাকথিত ধৰ্মনিৰপেক্ষতাৰ প্ৰতিও সমালোচনাত্মক মন্তব্য আগবঢ়াই “অৰ্গেনাইজাৰ”ৰ মুখ্য সম্পাদকগৰাকীয়ে । ভাৰতীয় গণতন্ত্ৰক আধ্যাত্মিক গণতন্ত্ৰ হিচাপে আখ্যা দি তেখেতে ভাৰতীয় সংস্কৃতিত বিপৰীত মতাদৰ্শকো গ্ৰহণ কৰাৰ মহানুভৱতা বিৰাজমান বুলি উল্লেখ কৰে । এই ক্ষেত্ৰত জেষ্ঠ সাংবাদিক গৰাকীৰ অভিমত- দেশত সহনশীল-অসহনশীল বাক্‌ধাৰাৰ বিপৰীতে সহনশীলতা বনাম গ্ৰহণশীল মানসিকতা শীৰ্ষক বিতৰ্কৰ হে থল আছে। তেখেতৰ মতে, ভাৰতীয় দৰ্শনে সহনশীলতাৰ উৰ্ধত গৈ গ্ৰহনশীলতাৰ ভাবধাৰাক হে অগ্ৰাধিকাৰ দি আহিছে । যি দৰ্শনে আস্তিকৰ লগতে নাস্তিক সকলকো স্বীকৃতি দিয়ে, তেনে দৰ্শনত অসহনশীলতাৰ প্ৰশ্ন‌ই নাহে।

গুৱাহাটীস্থিত কেবাটাও সংবাদ গোষ্ঠীৰ সাংবাদিকৰ লগতে কেবাজনো জেষ্ঠ মুক্ত সাংবাদিকে অংশগ্ৰহণ কৰা এই মননশীল আলোচনাই ভবিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ বিমৰ্ষৰ পথ মুকলি কৰিলে।

Leave A Reply

Your email address will not be published.