গুৱাহাটী -উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আৰম্ভ

0 174

মঙলবাৰৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল হোৱা ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হৈছে।আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বিষয়া সকলে জনোৱা মতে ৰাজহুৱা পৰিবহনৰ বাবে ক’ভিড প্ৰট’কল অনুসৰণ কৰি সেৱা সমূহ পুনৰ আৰম্ভ কৰা হৈছে।অৱশ্যে যাত্ৰী সকলৰ টিকাকৰণ বাধ্যতামূলক নহয়।
অৱশ্যে সময় আৰু ভাড়াৰ কোনো ধৰণৰ সালসলনি কৰা নাই।পৰৱৰ্তী জাননী নোপোৱা লৈকে সেৱা সমূহ অব্যাহত থাকিব।২০২১ চনৰ মে` মাহৰ পৰা অসম চৰকাৰে অসমত ক’ভিড মহামাৰীৰ বাবে আন্তঃজিলা ভ্ৰমণ বন্ধ কৰি দিয়া পিছত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছিল।শেহতীয়াকৈ ২ ছেপ্টেম্বৰ পৰা অন্যান্য ৰাজহুৱা পৰিবহন পুনৰ আৰম্ভ কৰা হৈছে।

Leave A Reply

Your email address will not be published.