এজন বড়ো জাতিপ্ৰেমী সংস্কৃতিৰ পূজাৰী, ৰাজ্যৰ এজন দক্ষ এ চি এছ বিষয়া, বি টি চিৰ অৱসৰপ্ৰাপ্ত সচিব, সমাজহিতৈষী দীনেশ চন্দ্র বড়োৰ পবিত্র স্মৃতিত আজি গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত মহানগৰীৰ আহোমগাঁওস্থিত বাথৌফুৰী সমাজ-সাহিত্য সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত আড়ম্বৰপূর্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হয়। আৰম্ভণিতে প্ৰয়াত দীনেশ চন্দ্র বড়োৰ স্থিৰ চিত্রত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে তেখেতৰ পত্নী মীনু বড়োয়ে। ইয়াৰ পিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে। গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আঁত ধৰে লগতে উদ্দেশ্য বাখ্যা কৰে সভাৰ সম্পাদক গোলাপ বড়োই। নিৰ্মল সিং বড়ো সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনিল কুমাৰ বড়োই। সভাত বড়ো সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক কমলা কান্ত মোছাহাৰী, উপ-সভাপতি ৰমেলা ইছলাৰী, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক গণেশ ৱাৰী, “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্রধান সম্পাদক, সাংবাদিক, লেখক দীপক শৰ্মা, অৱসৰপ্ৰাপ্ত কমিচনাৰ জিতেন বৰগয়াৰী, সাহিত্যিক শৰৎ চন্দ্র বড়ো,অনিল বসুমতাৰী, গণেশ দৈমাৰী, বিনয় বসুমতাৰী, সদৌ বাথৌ সংগঠনৰ উপ-সভাপতি মহেশ্বৰ বসুমতাৰী, সহ: সম্পাদক ৰাতিৰাম বড়ো, গুৱাহাটী জিলা এবছুৰ অনজালু মুছাহাৰী, তিলক বড়ো প্ৰভৃতিয়ে ভাষণ দি দীনেশ চন্দ্র বড়োৰ বিশাল ব্যক্তিত্ব, কৰ্মৰাজীৰ লগতে বড়ো সাহিত্য সভাৰ প্ৰতি উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰে।
Trending
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে