গুৱাহাটী ডায়েৰীজৰ এক অনুষ্ঠান

0 225

IMG-20171218-WA0048

অভিজ্ঞতাৰ পৰা আহৰণ কৰা জ্ঞানৰ আদান-প্ৰদানেৰে আমি শক্তিশালী হ’ব পাৰো। সেইবাবেই আমি কথা পতাটো নিতান্তই জৰুৰী। এই উদ্দেশ্য আগত ৰাখিয়েই সন্ধান ডট্ কম ই-আলোচনীৰ উদ্যোগত আৰু আকিঞ্চন ফাউণ্ডেচনৰ সহযোগত কনকলাল বৰুৱা প্ৰেক্ষাগৃহত যোৱা ১৬ ডিচেম্বৰত ‘গুৱাহাটী ডায়েৰীজ ২০১৭’ ৰ এটি ব্যতিক্ৰমী অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সভাত বিশিষ্ট অতিথি হিচাপে থাকে বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই, সাংস্কৃতিক কৰ্মী হিমাংশু প্ৰসাদ দাস আৰু কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী। তিনিখন বেলেগ বেলেগ ক্ষেত্ৰৰ ব্যক্তিৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত বাৰ্তালাপ কৰা হয়।

IMG-20171218-WA0041

হিমাংশু প্ৰসাদ দাসে তেখেতৰ অভিমত দাঙি ধৰি কয় যে, “গ্লেমাৰৰ  পাছে পাছে  দৌৰি  নহয়  কোনো এটা কাম  ভালপাই  কৰাটোহে প্ৰকৃত  কৰ্ম।”। ড° বুলজিৎ বুঢ়াগোহাঁয়ে কেৰিয়াৰ সম্পৰ্কে কয় যে পৰম্পৰাগত কেৰিয়াৰ এটা বাচি নলৈ ছাত্ৰ-ছাত্ৰীসকলে বাচি ল’ব পৰা বহুতো পেছা আছে। কাৰ্টুন এটাই যে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজলৈ গৈ গুৰুত্বপূৰ্ণ বাৰ্তা বিলাব পাৰে সেই সম্পৰ্কে নিতুপৰ্ণ ৰাজবংশীয়ে ৰসাল মন্তব্যৰে অনুভৱ ব্যক্ত কৰে। এই অনুষ্ঠানতে আকিঞ্চন ফাউণ্ডেশ্যনৰ আন এটা প্ৰকল্প  শ্যামলম  বৃক্ষৰোপণ  কাৰ্যস্যূচীৰ  পত্ৰিকা  আৰু  গুৱাহাটী ডায়েৰীজ ৰ মুখপত্ৰ  উন্মোচন কৰা হয়। তাৰ উপৰিও অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা আলোকচিত্ৰ প্ৰতিযোগিতা, অনলাইন কুইজ প্ৰতিযোগিতা আৰু স্বৰচিত কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ প্ৰদান কৰা হয়।

IMG-20171218-WA0046

অনুষ্ঠানত এখন স্মৰণিকাও উন্মোচন কৰা হয়। আয়োজকৰ হৈ নয়নজ্যোতি কলিতা আৰু ৰাজশ্ৰী বৰগোহাঁইয়ে ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান পতাৰ প্ৰতিশ্ৰুতি দিয়ে। ভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ জনৰ জীৱনৰ অভিজ্ঞতাৰে যাতে আন এজনে কিবা এটা শিকিব পাৰে সেই আশা লৈয়ে এই অনুষ্ঠানৰ আৰম্ভ কৰা হৈছে বুলি উদ্যোক্তাসকলে ব্যক্ত কৰে। নতুন প্ৰজন্মৰ মাজত বিজ্ঞান প্ৰযুক্তি পৰিৱেশ সামাজিক দায়বদ্ধতা সাংস্কৃতিক উত্তৰণৰ বতাহ সফল ভাৱে বোৱাই নিবৰ বাবে বিভিন্ন পৃষ্ঠা গুৱাহাটী ডায়েৰীত অন্তৰ্ভুক্ত কৰা হৈছে।

IMG-20171218-WA0044

সবিশেষ তথ্যৰ বাবে গুৱাহাটী ডায়েৰীৰ ৱেবচাইট www.xondhan.com/guwahatidiaries অথবা ফেচবুক পৃষ্ঠা facebook.com/guwahatidiaries ত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল । উল্লেখযোগ্য যে ২০১২ চনৰ পৰাই প্ৰকাশ পাই অহা এই সন্ধান ই-আলোচনীখনে Manthan South East Asia and Asia Pacific Award 2015, eNorth East Award 2016, North East Social Impact Award (NESI) 2015, eAssam 2015 ইত্যাদি অনুষ্ঠানত বিভিন্ন সন্মানেৰে সন্মানিত হৈছে ।

Leave A Reply

Your email address will not be published.