উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম বিমানবন্দৰ হিচাপে পৰিগণিত হোৱা আৰু বৰ্ত্তমান দেশৰ দহটা ব্যস্ততম বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ চমু ইতিহাস প্ৰথমবাৰৰ বাবে ৰাইজৰ মাজত দাঙি ধৰাৰ প্ৰয়াস কৰিছে বিমানবন্দৰটোৰ পৰিচালনাৰ দায়িত্বত থকা আদানী গ্রুপৰ অধীনৰ গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডে ( জি আই এ এল )। এই লক্ষ্যৰে জি আই এ এলে জন্মলগ্নৰে পৰা আৰম্ভ কৰি বৰ্তমানলৈকে বিমানবন্দৰটোৰ এক চমু ইতিহাস সম্বলিত এখন মুখপত্ৰ তথা আলোচনী প্ৰকাশ কৰিছে। জি আই এ এলৰ গণমাধ্যম আৰু জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱী কেওঁটৰ সম্পাদনাত প্ৰকাশ পোৱা ৰঙীন ছপাবন্ধা মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেলত অসমীয়া , হিন্দী আৰু ইংৰাজী এই তিনিওটা ভাষাত ৰঙীন ছবিসহ কেবাটাও তথ্য গধূৰ লিখনি প্ৰকাশ কৰা হৈছে । আজি বিমানবন্দৰ চৌহদত থকা এল জি বি আই এৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত আলোচনী তথা মুখপত্ৰখন উন্মোচন কৰা হয়। এই উপলক্ষে জি আই এ এলৰ গণমাধ্যম আৰু জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱী কেওঁটে আঁত ধৰা অনুষ্ঠানত ভাগ লৈ গুৱাহাটী বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই মুখপত্ৰখনৰ প্ৰকাশৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি কয় – আলোচনীখন বিমানবন্দৰটোৰ এখন মুখপত্ৰৰ দৰে হব বুলি আশা কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বিমানবন্দৰটোৰ ইমানদিনে এখন ইতিহাস সম্বলিত দলিল স্বৰূপ গ্ৰন্থ প্ৰকাশ কৰা হোৱা নাছিল।আলোচনীখনত বিমানবন্দৰটোৰ ইতিহাস দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। আমাক কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ ৮ অক্টোবৰত বিমানবন্দৰটোৰ পৰিচালনাৰ দায়িত্ব অৰ্পন কৰিছিল। আমাক দায়িত্ব অৰ্পন কৰাৰ পাছত বিগত সময়চোৱাত বিমানবন্দৰটোৰ উন্নয়ন সাধনকে ধৰি কেনে ধৰণৰ কাম কৰা হল তাকো চমুকৈ আলোকপাত কৰা হৈছে বুলি উৎপল বৰুৱাই সদৰি কৰে। আনহাতে অনুষ্ঠানত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডল ক্ষেত্ৰীয় কাৰ্যবাহী কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়া হৰিলাল শৰ্মা, জি আই এ এলৰ মণ্টো কুমাৰ ,নিখিল কন্সাল,শ্ৰীনিবাসন গংগাধৰন,পুলক চক্ৰৱৰ্তীকে ধৰি কেবাজনো কাৰ্যবাহীয়ে চমুকৈ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত আলোচনীখনত প্ৰকাশৰ বাবে লিখনি দিয়া জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতাকে ধৰি লেখক সকলক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা