উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম বিমানবন্দৰ হিচাপে পৰিগণিত হোৱা আৰু বৰ্ত্তমান দেশৰ দহটা ব্যস্ততম বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ চমু ইতিহাস প্ৰথমবাৰৰ বাবে ৰাইজৰ মাজত দাঙি ধৰাৰ প্ৰয়াস কৰিছে বিমানবন্দৰটোৰ পৰিচালনাৰ দায়িত্বত থকা আদানী গ্রুপৰ অধীনৰ গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডে ( জি আই এ এল )। এই লক্ষ্যৰে জি আই এ এলে জন্মলগ্নৰে পৰা আৰম্ভ কৰি বৰ্তমানলৈকে বিমানবন্দৰটোৰ এক চমু ইতিহাস সম্বলিত এখন মুখপত্ৰ তথা আলোচনী প্ৰকাশ কৰিছে। জি আই এ এলৰ গণমাধ্যম আৰু জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱী কেওঁটৰ সম্পাদনাত প্ৰকাশ পোৱা ৰঙীন ছপাবন্ধা মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেলত অসমীয়া , হিন্দী আৰু ইংৰাজী এই তিনিওটা ভাষাত ৰঙীন ছবিসহ কেবাটাও তথ্য গধূৰ লিখনি প্ৰকাশ কৰা হৈছে । আজি বিমানবন্দৰ চৌহদত থকা এল জি বি আই এৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত আলোচনী তথা মুখপত্ৰখন উন্মোচন কৰা হয়। এই উপলক্ষে জি আই এ এলৰ গণমাধ্যম আৰু জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱী কেওঁটে আঁত ধৰা অনুষ্ঠানত ভাগ লৈ গুৱাহাটী বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই মুখপত্ৰখনৰ প্ৰকাশৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি কয় – আলোচনীখন বিমানবন্দৰটোৰ এখন মুখপত্ৰৰ দৰে হব বুলি আশা কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বিমানবন্দৰটোৰ ইমানদিনে এখন ইতিহাস সম্বলিত দলিল স্বৰূপ গ্ৰন্থ প্ৰকাশ কৰা হোৱা নাছিল।আলোচনীখনত বিমানবন্দৰটোৰ ইতিহাস দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। আমাক কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ ৮ অক্টোবৰত বিমানবন্দৰটোৰ পৰিচালনাৰ দায়িত্ব অৰ্পন কৰিছিল। আমাক দায়িত্ব অৰ্পন কৰাৰ পাছত বিগত সময়চোৱাত বিমানবন্দৰটোৰ উন্নয়ন সাধনকে ধৰি কেনে ধৰণৰ কাম কৰা হল তাকো চমুকৈ আলোকপাত কৰা হৈছে বুলি উৎপল বৰুৱাই সদৰি কৰে। আনহাতে অনুষ্ঠানত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডল ক্ষেত্ৰীয় কাৰ্যবাহী কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়া হৰিলাল শৰ্মা, জি আই এ এলৰ মণ্টো কুমাৰ ,নিখিল কন্সাল,শ্ৰীনিবাসন গংগাধৰন,পুলক চক্ৰৱৰ্তীকে ধৰি কেবাজনো কাৰ্যবাহীয়ে চমুকৈ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত আলোচনীখনত প্ৰকাশৰ বাবে লিখনি দিয়া জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতাকে ধৰি লেখক সকলক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem