গুৱাহাটী বিশ্ববিদ্যালয়ে বছৰজোৰা মহাৰজত জয়ন্তীৰ উদযাপনৰ লগত সংগতি ৰাখি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ত: বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰে ।বিশ্ববিদ্যালয় সংগীতেৰে শুভাৰম্ভনী হোৱা অনুষ্ঠানটোত বন্তি প্ৰজ্জ্বলন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে কাৰ্যসূচী উদ্বোধন কৰি কয় যে: বিশ্ববিদ্যালয়খনৰ চলি থকা বছৰজোৰা মহাৰজত জয়ন্তী উদযাপনৰ অংশ হিচাপে বিশেষভাৱে বিশ্ববিদ্যালয়খনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰাটো এক অতি আনন্দৰ কথা। অধ্যাপক সন্দিকৈয়ে আৰু কয় যে আমি বিশেষকৈ ছাত্ৰ সমাজৰ মাজত জলবায়ু পৰিৱৰ্তনৰ বিষয়টো উত্থাপন কৰিব লাগিব আৰু সকলোৱে ভাবিব লাগিব যে তেওঁলোক ব্যৱস্থাটোৰ এক অবিচ্ছেদ্য অংশ হিচাপে জলবায়ু সংকটৰ ওপৰত কাম কৰিব লাগিব। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ ।প্ৰতিযোগিতাৰ অধ্যক্ষ হিচাপে উপস্থিত থাকে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসমৰ অধ্যক্ষ ডাঃ অৰূপ কুমাৰ মিশ্ৰ, বিচাৰক হিচাপে উপস্থিত থাকে দ্য আছাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক শ্ৰী পি. জে বৰুৱা,বিশিষ্ট তৰ্কিক, সমাজসেৱী দিগন্ত বিশ্বশৰ্মা আৰু পাটনা আই. আই.টিৰ সহকাৰী অধ্যাপিকা ড০ মেঘনা দত্ত । ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতাত অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কস্তুৰী চুতীয়াক শ্ৰেষ্ঠ তাৰ্কিক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অৰ্চিতা কাশ্যপ আৰু কটন বিশ্ববিদ্যালয়ৰ ত্ৰিদিব ভগবতী ক্ৰমে ১ম ৰানাৰ্ছ আপ আৰু ২য় ৰানাৰ্ছ আপ হিচাপে ঘোষণা কৰে। গৌহাটী বিশ্ববিদ্যালয়ৰ আশীষ বৰুৱা আৰু কস্তুৰী চুতীয়াক শ্ৰেষ্ঠ দল, কটন বিশ্ববিদ্যালয়ৰ ত্ৰিদিব ভগবাতি আৰু সুদৰ্শন শৰ্মাক ১ম ৰানাৰ্ছ আপ, নীলাঞ্জনা পৰাশৰ আৰু অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ নিস্কামানা অচমীয়াক ২য় ৰানাৰ্ছ আপ হিচাপে ঘোষণা কৰা হয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্রকল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে ।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডলী চৌধুৰী আৰু ভুবন চুতীয়াক ৰাষ্ট্ৰপতিৰ মাই ভাৰত এন এছ এছ ৰাষ্ট্ৰীয় বঁটা প্ৰদান
- NSE to build 380cr, 60-bed unit for Tata Memorial Centre at Navi Mumbai
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গ্ৰন্থ উন্মোচনী, কবিতা পাঠ আৰু সম্বৰ্ধনা অনুষ্ঠান
- মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী – মুম্বাই সাহিত্য সভাৰ উদ্যোগত মানৱ দৰদী শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে