ভাৰতীয় বিশ্ববিদ্যালয়ৰ সংস্থাৰ অধীনত গুৱাহাটী স্থিত ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা পূৱ মাণ্ডলিক আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি আৰু কুলদ্বীপ পাটগিৰিৰ দল পৰিচালনাত যোৱা দলটোৱে বিভিন্ন শিতানত পোন্ধৰটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। পূব মাণ্ডলিক যুৱ মহোৎসৱত অংশগ্ৰহণ কৰা মুঠ ২৭ খন বিশ্ববিশ্ববিদ্যালয়ৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ে সাংস্কৃতিক শোভাযাত্ৰা, সমবেত সংগীত,ব্যংগ নাটক, লোক বাদ্যযন্ত্ৰ, ইনষ্টলেচন, ন’ন পাৰ্কাচন, লঘু শাস্ত্ৰীয় সংগীত, শাস্ত্ৰীয় নৃত্য,কুইজ,পোষ্টাৰ মেকিং,ক’লাজ,কাৰ্টুনিং,থিতাতে অকা ছবি,মৃৎ শিল্প,পাশ্চাত্য বাদ্যযন্ত্ৰৰ প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অংশ গ্ৰহণ কাৰী ছাত্ৰ-ছাত্ৰী সকল হৈছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীত সম্পাদক শিল্পীকা মধুকল্য,সাংকৃতিক সম্পাদক সৌৰভ চাহা,সভাপতি অনুৰাগ কল্যাণ বৰগোঁহাঞী,জ্ঞান প্ৰতীম দেৱ শৰ্মা সূৰ্য কুমাৰ শইকীয়া,পাপৰি দেৱী,ৰুবুল কলিতা,ভূপাল শৰ্মা,নিপু ভূঞা,দেৱাৰ্থী চাহা,কৰিশ্মা দেৱী, জ্ঞান প্ৰতীম দেৱশৰ্মা , প্ৰিয়াংকু প্ৰতীম বৰা, অনুণিমা চৌধুৰী,প্ৰতীম শইকীয়া, নীপা মণি ডেকা ,হিমাংশু তালুকদাৰ,জ্যোতিষ্মান দেওৰজা,কংকণ তালুকদাৰ,ৰিংকু বৰা,কস্তুৰী চুতীয়া,বৈশ্যালী চমুৱা,অন্তৰিকা লহকৰ,নিলাংগণা বৰা,অৰুণাভ জ্যোতি মালাকাৰ,আকাশ বৰঠাকুৰ,অঞ্জু হাজৰিকা,চুইটি কোঁৱৰ,মেঘালী ৰাংৰা, অলিম্পিকা শইকীয়া ।গুৱাহাটী বিশ্ববিদ্যালয়লৈ অভূতপূৰ্ব সন্মান কঢ়িয়াই অনাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ ,বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ননী গোপাল মহন্ত,বিশ্ববিদ্যাল শ্ৰেণী সমূহৰ সচিব হেমন্ত কুমাৰ নাথ, স্নাতকত্তোৰ ছাত্ৰ সন্থা সাংস্কৃতিক বিভাগৰ তত্বাৱধায়ক ভাস্কৰ জ্যোতি বৰা, সাধাৰণ সম্পাদক মুন তালুকদাৰৰ লগতে অন্যান্য বিভাগীয় সম্পাদক সমূহে দলটিক উষ্ম অভিনন্দন জ্ঞাপন কৰে।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী