গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ অসমীয়া বিভাগৰ ১৯৯৪ বর্ষত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলৰ প্ৰথম বাৰৰ বাবে এখন মিলন সমাৰোহ গুৱাহাটীৰ পাৰ্শ্ববৰ্তী সোণাপুৰস্থিত ব্ৰহ্মপুত্ৰ জাংগল ৰিচৰ্টত ৩ জুলাইত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । প্ৰায় ৫০ গৰাকী শিক্ষাৰ্থীয়ে ভাগ লোৱা অনুষ্ঠানত প্ৰায় ২৭ বছৰৰ মূৰত ইজনে সিজনক লগ পায় আবেগিক হৈ পৰাৰ লগতে এদিনৰ বাবে সেই তাহানিৰ বিশ্ববিদ্যালয়ৰ পঢ়া কালৰ দিনবোৰলৈ উভতি গৈ সকলোৱে নষ্টালজিক হৈ পৰে । আনহাতে এই উপলক্ষে ৰিচৰ্টখনৰ সভাগৃহত “সমন্বয়ৰ সাঁকো – ৯৪” শীৰ্ষক অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে ক্ৰমে জুবিলী পায়েং, ৰূমঝুম ভূঞা , নুৰন নাহৰ আৰু ডঃ ধ্ৰুৱজ্যোতি গোস্বামীয়ে । অনুষ্ঠানত নিকুমণি বৰুৱা , মানসী বৰ্মন , মালবিকা দাস , ৰাণু কলিতা , জোনা দাস , কন্দৰ্প শৰ্মা , ডঃ তৰুণ শইকীয়া , পদুম ৰাজখোৱা , কল্যাণী ভাণ্ডাৰ কায়স্থকে ধৰি কেইবাজনেও বিশ্ববিদ্যালয়ত অধ্যয়ণৰত সময়ত বিভিন্ন অনুষ্ঠানত পৰিবেশন কৰাৰ দৰে গীত , নৃত্য , হাস্য ব্যংগ কৌতুক , কবিতা পাঠ , আবৃত্তি , আলেখ্য পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে । আৰম্ভণিতে ১৯৯৪ বেটছৰ যিসকল শিক্ষাৰ্থীৰ বিগত সময়চোৱাত মৃত্যু হল তেওঁলোকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয় । তেনেদৰে যিসকল শিক্ষাৰ্থী বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি কেক কটা পৰ্বৰ শুভাৰম্ভ কৰে দুবৰি মহন্তই । আনহাতে প্ৰতি বছৰে জুলাই মাহৰ গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি যিকোনো এটা দেওবাৰত মিলিত হোৱাৰ বিষয়ে সহমত প্ৰকাশ কৰি অহা ২০২৩ বর্ষত নগাঁওত মিলন সমাৰোহখন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।সন্ধিয়াৰ প্ৰাক ক্ষণত জাতীয় সংগীতৰে সামৰণি পৰা অনুষ্ঠানটোত বহু শিক্ষাৰ্থীৰ নষ্টালজিক হৈ বিদায়ৰ মুহূৰ্তত চকুলো নিগৰি পৰা দৃশ্যই এক আবেগিক পৰিবেশৰ সৃষ্টি কৰে ।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা