গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ অসমীয়া বিভাগৰ ১৯৯৪ বর্ষত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলৰ প্ৰথম বাৰৰ বাবে এখন মিলন সমাৰোহ গুৱাহাটীৰ পাৰ্শ্ববৰ্তী সোণাপুৰস্থিত ব্ৰহ্মপুত্ৰ জাংগল ৰিচৰ্টত ৩ জুলাইত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । প্ৰায় ৫০ গৰাকী শিক্ষাৰ্থীয়ে ভাগ লোৱা অনুষ্ঠানত প্ৰায় ২৭ বছৰৰ মূৰত ইজনে সিজনক লগ পায় আবেগিক হৈ পৰাৰ লগতে এদিনৰ বাবে সেই তাহানিৰ বিশ্ববিদ্যালয়ৰ পঢ়া কালৰ দিনবোৰলৈ উভতি গৈ সকলোৱে নষ্টালজিক হৈ পৰে । আনহাতে এই উপলক্ষে ৰিচৰ্টখনৰ সভাগৃহত “সমন্বয়ৰ সাঁকো – ৯৪” শীৰ্ষক অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে ক্ৰমে জুবিলী পায়েং, ৰূমঝুম ভূঞা , নুৰন নাহৰ আৰু ডঃ ধ্ৰুৱজ্যোতি গোস্বামীয়ে । অনুষ্ঠানত নিকুমণি বৰুৱা , মানসী বৰ্মন , মালবিকা দাস , ৰাণু কলিতা , জোনা দাস , কন্দৰ্প শৰ্মা , ডঃ তৰুণ শইকীয়া , পদুম ৰাজখোৱা , কল্যাণী ভাণ্ডাৰ কায়স্থকে ধৰি কেইবাজনেও বিশ্ববিদ্যালয়ত অধ্যয়ণৰত সময়ত বিভিন্ন অনুষ্ঠানত পৰিবেশন কৰাৰ দৰে গীত , নৃত্য , হাস্য ব্যংগ কৌতুক , কবিতা পাঠ , আবৃত্তি , আলেখ্য পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে । আৰম্ভণিতে ১৯৯৪ বেটছৰ যিসকল শিক্ষাৰ্থীৰ বিগত সময়চোৱাত মৃত্যু হল তেওঁলোকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয় । তেনেদৰে যিসকল শিক্ষাৰ্থী বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি কেক কটা পৰ্বৰ শুভাৰম্ভ কৰে দুবৰি মহন্তই । আনহাতে প্ৰতি বছৰে জুলাই মাহৰ গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি যিকোনো এটা দেওবাৰত মিলিত হোৱাৰ বিষয়ে সহমত প্ৰকাশ কৰি অহা ২০২৩ বর্ষত নগাঁওত মিলন সমাৰোহখন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।সন্ধিয়াৰ প্ৰাক ক্ষণত জাতীয় সংগীতৰে সামৰণি পৰা অনুষ্ঠানটোত বহু শিক্ষাৰ্থীৰ নষ্টালজিক হৈ বিদায়ৰ মুহূৰ্তত চকুলো নিগৰি পৰা দৃশ্যই এক আবেগিক পৰিবেশৰ সৃষ্টি কৰে ।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন